![]()
নিউজ ডেস্কঃ
ভাৰতীয় পুৰুষসকলে যিটো কৰিব নোৱাৰিলে এতিয়া সেইটোকে কৰিবলৈ যেন অধীৰ অপেক্ষাৰে বাট চাই আছে ভাৰত কন্যাসকল৷ মঙলবাৰে অলিম্পিকৰ পুৰুষ হকীৰ ছেমি ফাইনেলত পৰাস্ত হয় ভাৰতৰ পুৰুষ হকী দলটো৷ বুধবাৰে বিয়লি মহিলা দলটো অৱতীৰ্ণ হ’ব ছেমি ফানেলত৷ এতিয়া মনপ্ৰীত সিং বাহিনীৰ আধৰুৱা সপোন পূৰ্ণ কৰি ভাৰতলৈ সোণ অথবা ৰূপ কঢ়িয়াই অনাটোৱে যেন ৰাণী ৰামপাল বাহিনীৰ একমাত্ৰ লক্ষ্য৷ কিন্তু তেওঁলোকৰ বাবে সেই কাম যে ইমান সহজ নহয় সেইটোও জানে ভাৰতীয় বীৰাংগনাসকলে৷ কাৰণ তেওঁলোকৰ প্রতিপক্ষ অলিম্পিকত একাধিক পদকজয়ী শক্তিশালী আর্জেন্টিনা।
ভাৰতৰ দৰে এইবাৰ অলিম্পিকত আর্জেন্টিনাৰ আৰম্ভণিও সিমান ভাল নাছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়েৰে অভিযান আৰম্ভ কৰিছি বগা-নীলা জাৰ্চীৰ দলটোৱে। ভাৰতীয় দলে বিগত ছয়খন মেচত আঠ গ’ল দিলেও হজম কৰিছে ১৪টা। আনহাতে, আর্জেন্টিনাই সমসংখ্যক মেচ খেলি ইতিমধ্যে ১১টা গ’ল কৰাৰ বিপৰীতে হজম কৰিছে মাত্র সাতটা গ’ল।
দুয়োটা দলৰ শক্তিৰ ফালৰ পৰাও আগবাঢ়ি আছে বিশ্ব তালিকাৰ পাঁচ নম্বৰত থকা আর্জেন্টিনা।
অলিম্পিক ইতিহাসত এই পর্যন্ত দুটা ৰূপ আৰু দুটা ব্রঞ্জৰ পদক জয় কৰিছে আর্জেন্টিনাই। সেইপালৰ পৰা ভাৰতীয় মহিলা দলৰ জোলোঙা এতিয়াও খালী। কিন্তু অতীত নহয়, বৰ্তমান বিচাৰে সম্পূৰ্ণ আত্মবিশ্বাসী হৈ থকা ভাৰতীয় নাৰীসকলে৷ ৰাণী ৰামপালৰ বীৰাংগনাসকলে সেই সপোন পূৰণ কৰিব পাৰিবনে নোৱাৰে তাক চাবৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ভাৰতবাসীয়ে।













