ASSAM TIMES POST
নতুন দিল্লীঃ বিগ-বি অমিতাভ বচ্চন পৰিচালিত কুইজ-ভিত্তিক ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা কৌড়ৰপতি’ৰ ১১ সংখ্যক সংস্কৰণত প্ৰথমজন কোটিপতি হ’ল বিহাৰৰ যুৱক সনোজ ৰাজ। ৰাজ্যখনৰ জেহানাবাদ জিলাৰ হুলাচগঞ্জ খণ্ডৰ ডোংগ্ৰা গাঁৱৰ এটি কৃষক পৰিয়ালৰ সন্তান ৰাজৰ এনে সফলতাই ৰাজ্যখনৰ প্ৰতিজন লোকক আনন্দিত কৰি তুলিছে। জন্ম জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ত স্কুলীয়া শিক্ষা সাং কৰা ৰাজে পশ্চিমবংগৰ বৰ্ধমান বিশ্ববিদ্যালয়ত বিটেক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ টাটা কনচালটেঞ্চি চাৰ্ভিছত যোগদান কৰে যদিও ২০১৮ চনৰ জুনত চাকৰি ইস্তফা দি সম্প্ৰতি ইউপিএছচিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।












