![]()
নিউজ ডেস্কঃ
২০১৬ চনত ৰিঅ’ৰ পিছত এইবাৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ। লগে লগে ইতিহাস সৃষ্টি কৰে দুটাকৈ অলিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাবে৷ পিভি সিন্ধুৰ বিজয়ৰথক আদৰিবলৈ মানুহ উপচি পৰাটো তেনেই স্বাভাবিক। তেনে ছবিয়ে দেখা গ’ল মঙলবাৰে। মঙলবাৰে দুপৰীয়া নতুন দিল্লীৰ ইন্দিৰা গান্ধী বিমানবন্দৰত খোজ পেলায় অলিম্পিকত দুটাকৈ পদকজয়ী বেডমিণ্টন তাৰকাগৰাকীয়ে।
সিন্ধুৰ সৈতে আছিল তেওঁৰ ব্যক্তিগত প্রশিক্ষক পার্ক তায়ে ছাঙো। দেশৰ মাটিত ভৰি থৈয়েই সিন্ধুই কয়, “মই আজি অত্যন্ত সুখী। অতি ভাল অনুভূতি হৈছে। দেশৰ বেডমিণ্টন সংস্থাৰ লগতে যিসকলে মোক সহায় কৰি আহিছে তেওঁলোক সকলোকে ধন্যবাদ।”
সিন্ধুক আদৰি নিবৰ বাবে বিমানবন্দৰত উপস্থিত আছিল বেডমিণ্টন সংস্থা আৰু ছাইৰ বিষয়াসকল। বিমানবন্দৰত অৱতৰণৰ লগে লগে ভিৰ উপচি পৰে৷ সিন্ধুক এপলক দেখাৰ বাবে সকলোৱেই উৎসুক হৈ আছিল।













