![]()
নিউজ ডেস্কঃ
বিফলে গ’ল সকলো শুভকামনা, সকলো পৰিশ্রম, অৰ্থ। ১৬ কোটি টকা মূল্যৰ ইঞ্জেকন দিও বচাব পৰা নগ’ল ১১ মহীয়া বেদিকা শিণ্ডেক। হঠাৎ তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্রা কমিবলৈ আৰম্ভ কৰে। হস্পিটেললৈ লৈ যোৱা হয় যদিও মৃত্যু হয় বেদিকাৰ।
বিৰল ৰাগত ভুগিছিল পুনেৰ শিশুটি। চিকিৎসাৰ খৰচ তেওঁৰ পিতৃ-মাতৃৰ পক্ষে যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছিল। আমেৰিকাৰ পৰা ১৬ কোটি টকা মূল্যৰ এটি ইঞ্জেকচন অনাৰ প্ৰয়োজন আছিল ! তেনে সময়তে আগবাঢ়ি আহে সমগ্ৰ দেশ। দেশৰ মানুহৰ অনুদানৰ টকাৰে আমেৰিকাৰ পৰা অনা হয় ১৬ কোটি মূল্যৰ ইঞ্জেকচন।
জানিব পৰা মতে, উক্ত ইঞ্জেকচনৰ প্রভাৱত কিছু সুস্থ হৈ উঠিছিল শিশু বেদিকা। পিতৃ-মাতৃৰ সৈতে আনন্দিত হৈছিল সমগ্ৰ দেশবাসী। কিন্তু হঠাতে তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্রা কমিবলৈ আৰম্ভ কৰে। লগে লগে হস্পিটেললৈ লৈ যোৱা হ’লেও শেষৰক্ষা নহ’ল। মৃত্যুৰ শীতল কোলাত শুই পৰে বেদিকা !











