স্বাস্থ্য প্ৰতিবেদন:
ব্যস্ত জীৱনত শৰীৰচর্চা কৰাৰ সময় পোৱা নাই নেকি? কিন্তু গোটেই দিনটোত ১৫ মিনিটতো উলিয়াবই পাৰে। ব্রিস্ক ৱাক বা জোৰে খোজকাঢ়িলে ১৫ মিনিটতো উপকাৰ পাব পাৰে। বহুতেই ভাবে, এইখিনি মাত্ৰ খোজকাঢ়িলে আৰু কি লাভ হ’ব? সেই কাৰণেই বহুতৰে শৰীৰচর্চাই কৰা নহয়। কিন্তু জানিব, এই অলপ সময় খোজকাঢ়িলেও আপোনাৰ বিভিন্ন উপকাৰ হ’ব পাৰে।
১। লেনছেট পত্রিকাত প্রকাশিত এক গৱেষণাই কৈছে, দৈনিক ১৫ মিনিট খোজকাঢ়িলেও আয়ুস ৩ বছৰ পর্যন্ত বৃদ্ধি হ’ব পাৰে।
২। দুপৰীয়াৰ খাদ্য বা নিশাৰ খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজকাঢ়িলে ৰক্তত শর্কৰাৰ মাত্রা কম হ’ব পাৰে। আনকি যিসকলে প্রত্যেকদিনে ৪৫ মিনিটকৈ পুৱা খোজকাঢ়ে, তেওঁলোকে যদি একেৰাহে ইমান সময় খোজ নাকাঢ়ি প্রত্যেকটো খাদ্যৰ পিছত ১৫ মিনিটকৈ খোজকাঢ়িব পাৰে, তেনেহ’লে বেছি উপকাৰ পাব।
৩। প্রাপ্তবয়স্কসকলে প্রত্যেকদিনে অন্তত ৩০ মিনিট শৰীৰচর্চা কৰা উচিত। কিন্তু ৱহুতেই সেই লক্ষ্য পূৰণ কৰিব নোৱাৰে। ওজন কমোৱাৰ বাবে কেৱল ১৫ মিনিট খোজকাঢ়িলেই নহ’ব। কিন্তু যিবোৰ কেলৰি এনেই বাৰ্ন নহয়, সেইবোৰ বাৰ্ন কৰাৰ বাবে ১৫ মিনিটো যথেষ্ট। অৱশ্যে এইখিনি শৰীৰচর্চাৰ পৰা যদি লাভ পাবলগা হয়, তেনেহ’লে খোজকঢ়াৰ লগতে কম কেলৰি ডায়েটো কৰিব লাগিব।
৪। হৃদৰাগ, টাইপ-টু ডায়েবেটিছৰ দৰে কিছু দীর্ঘকালীন ৰাগৰ আশঙ্কা কমায় খোজকঢ়াটোৱে। সেয়ে যিমান কম সময়ৰ বাবেই নহধেক কিয়, সুযোগ পালেই খাজকাঢ়ক।













