![]()
নিউজ ডেস্কঃ
পশ্চিমবংগৰ মালদহৰ কালিয়াচকৰ এজন ছাত্রৰ অভূতপূৰ্ব ঘটনা। সপ্তম শ্রেণীত অধ্যয়নৰত তথা শ্ৰেণীৰ ভিতৰত প্রথম ছাত্ৰজনক জালনোটৰ সৰবৰাহ সন্দেহত গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। দেওবাৰে নিশা কালিয়াচকৰ ছাহবাজপুৰ এলেকাত অভিযান চলাই উদ্ধাৰ কৰিছে প্রায় চাৰে চাৰি লাখ টকাৰ জালনোট। আৰক্ষীৰ অনুমান, টকাৰ লোভ দেখুৱাই ছাত্ৰজনক ফান্দত পেলাইছিল সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
গোপন সূত্রৰ খবৰ লাভ কৰি দেওবাৰে নিশা কালিয়াচক থানাৰ গোলাপগঞ্জ আৰক্ষীচকীৰ আৰক্ষীয়ে অভিযান চলায়। ছাহবাজপুৰৰ ছাত্রজনৰ পৰা লাভ কৰা হৈছে ৪০০টা ৫০০ টকাৰ জালনোট আৰু ১২০টা দুহাজাৰ টকাৰ জালনোটৰ বাণ্ডিল। ছাত্ৰজনৰ এনে কাণ্ডত স্তম্ভিত আৰক্ষীও। ধৃত ছাত্রজনৰ ঘৰ মালদহৰ কালিয়াচকৰ ভাৰত-বাংলাদেশ সীমান্ত সংলগ্ন সাধাৰিটোলাত। ধৃতৰ পিতৃ পেছাত দিন মজদুৰ। পুত্ৰৰ এই কাণ্ডত তেৱোঁ হতাশ।











