ASSAM TIMES POST
নতুন দিল্লীঃ যোৱা ৭ বছৰৰ ভিতৰত প্ৰথমবাৰলৈ টাইমছ হায়াৰ এডুকেছন ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙ ২০২০ৰ শীৰ্ষ ৩০০ তালিকাত অন্তৰ্ভুক্ত নহ’ল ভাৰতৰ এখনো বিশ্ববিদ্যালয়ৰ নাম। তালিকাখনৰ ৩০১-৩৫০ বন্ধনীৰ মাজত মাথো স্থান লাভ কৰিছে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰায়পুৰে। ইফালে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ে এই তালিকাত ধাৰাবাহিকভাৱে চতুৰ্থবাৰৰ কাৰণে শীৰ্ষ স্থান লাভ কৰে। উল্লেখ্য বিশ্বৰ ৯২ খন দেশৰ ১৪০০ উচ্চ শিক্ষানুষ্ঠানক ভিত্তি কৰি এই তালিকাখন প্ৰস্তুত কৰা হৈছে।










