স্বাস্থ্য প্ৰতিবেদন:
শৰীৰৰ কর্ম ক্ষমতা বৃদ্ধিৰ বাবে ৰৌ মাছৰ ভূমিকা কিমান সেয়া আমি হয়তো বহুতেই নাজানো। আহক এবাৰ চাওঁ ৰৌ মাছৰ বিভিন্ন উপকাৰিতা।
১. ৰৌ মাছে শৰীৰৰ কর্মতৎপৰতা বৃদ্ধি কৰে। ৰৌ মাছত থাকে যথেষ্ট পৰিমাণে ওমেগা থ্রি ফেটি এচিড যিয়ে আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষজ্ঞসকলৰ মতে, ৰৌ মাছত এনে কিছু প্রাকৃতিক উপাদান থাকে যিয়ে আমাৰ হাড়ৰ ৰোগ আঁতৰ কৰাত সহায় কৰে।
২. সৰু কালৰ পৰাই আমি পাই আহিছো যে মাছৰ চকু খোৱাটো আমাৰ সকলোৰে বাবে অতি উপকাৰী। ৰৌ মাছে আমাৰ দৃষ্টিশক্তিৰ উন্নতি ঘটোৱাত সহায় কৰে। বর্তমান পৰিস্থিতিত আমি দিনৰ বেছিভাগ কম্পিউটাৰ অথবা লেপটপৰ সন্মুখতে সময় কটাও। নিঃসন্দেহে ইয়াৰ ফলত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হয় আমাৰ চকু, যি আমাৰ সকলোতকৈ মূল্যৱান এটি অঙ্গ।
সেয়ে চকুৰ কথা ভাবিলে আজিৰ পৰাই ৰৌ মাছৰ সৈতে বন্ধুত্ব পাতক। ৰৌ মাছত থকা ওমেগা থ্রি ফেটি এচিডে আপোনাৰ কেৱল দৃষ্টিশক্তিৰে উন্নতি নঘটায়, একে সময়তে মেকুলাৰ ডিজেনেৰেচনকো প্রতিৰোধ কৰে।
৩. প্রতিদিনে ৰৌ মাছ খাব পাৰিলে শৰীৰত ইপিএ আৰু ডিএইচএৰ মাত্রা বৃদ্ধি পাই থাকে। ই শৰীৰৰ প্রত্যেকটো অংশত প্রভাব ইমানেই বঢ়াই দিয়ে যে, ইকোছনোয়েড নামৰ এটি হৰমোনৰ প্রভাব শৰীৰত কমাবলৈ আৰম্ভ কৰি দিয়ে।
৪. ৰৌ মাছত থকা ওমেগা থ্রি ফেটি এচিডে আমাৰ ছালক সূর্যৰ অতিবেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰি ইয়াত থকা প্রোটিনে কোলাজেনৰ কর্মক্ষমতা বৃদ্ধিত সহায় কৰে। ফলত ছাল স্বাভাবিকভাবেই উজ্জ্বল আৰু প্রাণবন্ত হৈ থাকে।