![]()
নিউজ ডেস্কঃ
কৰোনাৰ তৃতীয় ঢৌৰ ৰঙা চকুৰ মাজতো আৰু স্কুল বন্ধ ৰাখিব নোখোজে পঞ্জাব চৰকাৰে। সেয়ে কোভিড সতর্কতা মানিয়েই ২ আগষ্ট, সোমবাৰৰ পৰা স্কুল খোলাৰ নির্দেশ দিলে। দ্বাদশ শ্ৰেণী পর্যন্ত সকলো শ্রেণীৰ পাঠদান আৰম্ভ কৰাৰ নির্দেশ দিয়া হৈছে।
উল্লেখ্য, অহা ১০ আগষ্ট পর্যন্ত কোভিড বাধা-নিষেধ বলৱৎ আছে পঞ্জাবত। তাৰ মাজতেই শনিবাৰে পঞ্জাব চৰকাৰে স্কুল খোলাৰ নির্দেশ দিছে। অৱশ্যে পাঠদান আৰম্ভ হ’লেও, স্কুলত কোভিড সতর্কতা মানি চলিব লাগিব বুলিও জনোৱা হৈছে।











