![]()
নিউজ ডেস্কঃ
পঞ্জাব সীমান্তৰে ভাৰতত অনুপ্রৱেশৰ চেষ্টা কৰা দুই পাকিস্তানী সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে বিএছএফে। অৱশ্যে অনুপ্ৰৱেশকাৰী কেইটা কোন সন্ত্ৰাসবাদী গোটৰ সেয়া জানিব পৰা হোৱা নাই।
শনিবাৰে পুৱা বিএছফৰ সূত্ৰত প্ৰকাশ কৰা মতে, শুক্রবাৰে নিশা ৯মান বজাত পঞ্জাবৰ তৰণতাৰণ জিলাত সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা কৰে দুজন লোকে। তেতিয়া তাত টহল দি আছিল বিএছএফ জোৱানসকলে। তেওঁলোকে দুয়োকে ৰ’বলৈ কয় যদিও আওকাণ কৰাত গুলী চলাবলৈ বাধ্য হয় বিএছএফ। ঘটনাস্থলীতেই নিহত হয় দুই সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদী দুটা কোন সংগঠনৰ সেয়া তদন্ত কৰি আছে বিএছএফে।











