স্বাস্থ্য প্ৰতিবেদন:
আপেল খোৱাৰ সময়ত সকলোৱেই সতর্ক হৈ খায়, যাতে গুটি পেটলৈ নাযায়। পেটলৈ যোৱাটো বাৰু বেলেগ কথা, আপেলৰ গুটি দাঁতত পৰিলেই বিৰক্তি লাগে। কাৰণ ইয়াৰ তিতা সোৱাদ।
কিন্তু আপেলৰ গুটি পেটলৈ গ’লে কিবা ক্ষতি হ’ব পাৰে নেকি?
আপেলৰ গুটিত এমিগডালিন নামৰ এবিধ যৌগ থাকে। গুটি যদি পোনে পোনে পেটলৈ যায়, তেনেহ’লে সেয়া সিমান এটা বিপজ্জনক নহয়। কাৰণ এই গুটি হজম নহয়, মলৰ সৈতে শৰীৰৰ পৰা ওলাই যায়। কিন্তু যদি দাঁতৰ চেপাত এই গুটি ভাঙি যায় তেতিয়াহ’লে তাৰ পৰা হাইড্রোজেন ছায়েনাইড নামৰ উপাদান বাহিৰ ওলায়। যিয়ে শৰীৰত বিষক্রিয়া ঘটাব পাৰে।
তেনেহ’লে আপেলৰ গুটি চোৱালে বিপদ নেকি? সেয়া পিছে নহয়। কাৰণ প্রতিটো গুটিত অতি সামান্য পৰিমাণে এই ছায়েনাইড থাকে। যিয়ে মাৰাত্মক বিষক্রিয়া ঘটাব নোৱাৰে।
কিমান পৰিমাণত আপেলৰ গুটি খালে ক্ষতি হ’ব পাৰে?
এজন প্রাপ্তবয়স্কই প্ৰায় ২০০টা গুটি চোবাই খাব পাৰে। বা প্ৰায় গোটা ৪০টা আপেলৰ মাজৰ অংশ খাব পাৰে। তাৰ পৰা বৃহৎ বিপদৰ আশঙ্কা নাই। কিন্তু শিশু বা কিশোৰৰ ক্ষেত্রত ইয়াৰ বহু কম পৰিমাণেই বিষক্রিয়া ঘটাব পাৰে।
অৱশ্যে আপেলৰ বীজ খোৱাটো বাৰণেই কৰে চিকিৎসকসকলে। কাৰণ ই শৰীৰৰ কোনো উপকাৰত নালাগে।