নিউজ ডেস্কঃ
শুক্রবাৰে প্রকাশিত চিবিএছইৰ দ্বাদশ শ্রেণীৰ ফলাফলত উত্তীর্ণ হৈছে ৯৯.৩৭ শতাংশ শিক্ষাৰ্থী। আভ্যন্তৰীণ মূল্যায়ন পদ্ধতিত এইবাৰ প্রকাশ কৰা হয় ফলাফল।
এই বছৰৰ পৰীক্ষাত ছাত্রসকলৰ তুলনাত ভাল ফল প্ৰদৰ্শন কৰিছে ছাত্রীসকলে। ছাত্রীসকলৰ উত্তীৰ্ণৰ হাৰ ৯৯.৬৭ শতাংশৰ বিপৰীতে ছাত্রৰ ৯৯.১৩ শতাংশ।
উল্লেখ্য, বোর্ডে পূৰ্বতেই জনাইছিল যে, কোনো শিক্ষাৰ্থী যদি পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট হয়, তেন্তে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।