![]()
নিউজ ডেস্কঃ
নিশাতেই ভূমিস্খলনত মাটিৰ তলত চেপা খাই মৃত্যুৰ খবৰ বিয়পি পৰাত গাড়ী লৈ ৰাস্তা পাৰ হোৱাৰ সাহস কৰা নাছিল কোনোৱে। সেই মাটি পৰীক্ষা কৰি চাবলৈ গাড়ীৰ পৰা নামোতেই চকুৰ সন্মুখতে পাহাৰৰ আধা অংশ খহি পৰা প্ৰত্যক্ষ কৰে পর্যটকসকলে। ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত বিধ্বস্ত হিমাচল প্ৰদেশত যেন মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিল এদল পৰ্যটক!
উল্লেখ্য, বিগত কেইটামান দিনত হোৱা নেৰানেপেৰা বৰষুণত শোচনীয় অৱস্থা হিমাচল প্রদেশত। ঠায়ে ঠায়ে হৈছে ভূমিস্খলন। বৃহস্পতিবাৰে নিশা গাড়ীসহিতে খাদত পৰি এগৰাকী মহিলাৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় অতিকমেও ১০ জন। তেনে পৰিস্থিতিত শুক্রবাৰে পুৱা পাহাৰ খহি পৰা লোমহর্ষক দৃশ্য ধৰা পৰিল কেমেৰাত।
শুক্রবাৰে পুৱা নাহানৰ ওচৰত পন্টা চাহিব আৰু চিল্লাই-হাটকোৰিৰ সংযোগস্থলত এই ঘটনা ঘটে। নেৰানেপেৰা বষুণত প্রায় ১০০ মিটাৰ ৰাস্তাসহ পাহাৰৰ একাংশ খহি যায়। ইয়াৰ ফলত হিমাচলৰ ৭০৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰুদ্ধ হৈ পৰে। পাহাৰৰ কাষত পর্যটক লৈ আবদ্ধ হৈ আছে বহু গাড়ী। সেইবোৰ অন্য ৰাস্তাৰে পাৰ কৰাৰ চেষ্টা কৰিছে আৰক্ষী আৰু ও উদ্ধাৰকাৰী দলে। লাহুল-স্পীতিতো প্রায় ২০০ পর্যটক আবদ্ধ হৈ আছে।











