![]()
নিউজ ডেস্কঃ
১০০ কেজিৰ লেহেঙ্গা পিন্ধি বিয়াত বহিল কইনা। আৰু সেই বিশাল পোছাকৰ ভিডিও এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। পাকিস্তানৰ উক্ত মহিলাগৰাকীয়ে কেনেদৰে ইমান ডাঙৰ আকাৰৰ এটি লেহেঙ্গা চম্ভালিছে বিয়াত বহি, সেয়া ভাবিয়েই অবাক হৈছে নেটিজেনসকল। বিয়াৰ দিনটো স্মৰণীয় কৰি ৰাখিব বিচাৰে সকলোৱে। কিন্তু তাৰ বাবেই ১০০ কেজিৰ লেহেঙ্গা? বিয়াঘৰত উপস্থিত অতিথিসকলো অবাক কইনাৰ এই কাণ্ড দেখি।
লেহেঙ্গাটোৰ দৈর্ঘ্য ইমানেই বেছি যে দৰা-কইনা বহাৰ বাবে যি মঞ্চ নিৰ্মাণ কৰা হৈছে, সেয়া সম্পূৰ্ণভাৱে ঢাক খাই গৈছে এইটোৰে। অৱশ্যে দৰাৰ সাজত তেনে কোনো চমক দিয়া বিশেষত্ব নাই।











