![]()
নিউজ ডেস্কঃ
ৰাজপথতেই সম্মুখসমৰত বান্দৰ সেনা ৷ বান্দৰৰ দুটা দলৰ মাজত দুৰ্বাদল কাজিয়া৷ যাৰ বাবে ৰাজপথত অৱৰুদ্ধ হৈ থাকিবলগা হয় বাইক আৰোহীৰ পৰা পথচাৰী। কপিকুলৰ এই ৰণৰ দৃশ্যৰ ভিডিও এতিয়া খুব উপভোগ কৰিছে নেটিজেনসকলে।
https://www.facebook.com/100052228428061/videos/958623761653846/
ঘটনাটি থাইলেণ্ডৰ ৰাজধানী বেঙ্ককৰ পৰা ১৫০ কিলোমিটাৰ দূৰৈৰ লোপবুড়িৰ। চহৰখনৰ মাজপথতে যুঁজত নামে দুদল বান্দৰ। কেইবাটাও পথৰ সংযোগস্থলত মুখামুখী হৈ বহিছে বান্দৰৰ জাক দুটা। বান্দৰ সেনাৰ জাকটোত আছে শতাধিক বান্দৰ। অৱশ্যে নিজৰ মাজত তুমুল যুঁজ কৰিলেও পথচাৰীক আক্রমণ কৰা নাই বান্দৰ কেইটাই।
ৰ’ব, এই যুঁজ পিছে কোনো সাম্ৰাজ্য দখলৰ বাবে নহয়৷ খাদ্য দখলক লৈহে এই যুঁজ দল দুটাৰ মাজত। থাইলেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যান বিভাগৰ এজন মুখপাত্রই এই সম্পৰ্কত কয়, ‘‘লোপবুড়িত বান্দৰৰ ৰণ বিশেষ এটা নতুন কথা নহয়। প্রায়েই এনে ধৰণৰ দৃশ্য দেখা যায়। কেতিয়াবা খাদ্যৰ বাবে, কেতিয়াবা এলেকাৰ ওপৰত নাইবা কেতিয়াবা আকৌ সঙ্গিনীৰ বাবে যুঁজে সিহঁতে।’’ ইতিমধ্যে উক্ত ভিডিওৰ শ্বেয়াৰ ১০ হাজাৰ অতিক্ৰম কৰি গৈছে।











