![]()
নিউজ ডেস্কঃ
বিগত সাত-আঠ মাহ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে সাংসদ-অভিনেত্রী নুসৰত জাহানে। তেওঁৰ ব্যক্তিগত জীৱনক লৈ মানুহৰ কৌতুহলৰ যেন অন্ত নাই। টলিউডৰ প্রথম শ্ৰেণীৰ এইগৰাকী নায়িকাৰ সম্পত্তি সম্পর্কে কিবা ধাৰণা আছেনে?
২০১৯ চনত লোকসভা নির্বাচনত সাংসদ হিচাবে প্ৰতিদ্বন্দ্বিতাৰ সময়ত দাখিল কৰা শপতনামাত নিজৰ সম্পত্তিৰ খতিয়ান দিবলগা হৈছিল তেওঁ।
সেই অনুযায়ী তেওঁৰ অস্থাৱৰ সম্পত্তিৰ মূল্য হৈছে ৯০.৮৮ লাখ। স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২ কোটি টকা। নুসৰতৰ ঋণ আছিল ১ কোটি ৬৮ লক্ষ ৮১ হাজাৰ ৬০৮.১৭ টকা।
সেই সময়ত নুসৰত জাহানৰ নামত বেঙ্কত স্থায়ী জমা আছিল ৩৮ লক্ষ ৩৮ হাজাৰ ৩৯১.৩০ টকা। নগদ আছিল ৫ লাখ, বেঙ্কত আছিল অন্য প্রায় ৩০ লক্ষ টকা। তাৰ উপৰি ৪৫০ গ্রাম সোণ আৰু ১২ লক্ষ টকাৰ হীৰাৰ গহনাৰ মালকিন তেওঁ।
সেই সময়ত নুসৰতে জনোৱা মতে, তেওঁৰ পেছাগত আয় ৫ লক্ষ টকা। বণ্ডৰ পৰিমাণ এক লাখ আৰু বীমাত বিনিয়োগ কৰিছিল আঢ়ৈ লাখ টকা।
২০১৬-১৭ চনত নতুন গাড়ী কিনে অভিনেত্রীগৰাকীয়ে। তেওঁৰ বৰ্তমান দুখন গাড়ী, ফ’র্ড আৰু বিএমডব্লিউ। দুয়োখন গাড়ীৰ মুঠ মূল্য ৩৫ লাখ ৫০ হাজাৰ টকা। তাৰ উপৰি কলকাতাত তেওঁৰ এটি বাংলো আছে, যাৰ মূল্য ২ কোটি টকা।











