![]()
নিউজ ডেস্কঃ
আনদিনাৰ দৰে যোৱা বছৰ জুলাইৰ এটা পুৱাত একেদৰেই টোপনি ভাঙিছিল ডেনিয়েলৰ। কিন্তু টোপনিৰ পৰা উঠিয়েই তেওঁ চিঞৰ-বাখৰ আৰম্ভ কৰে। এয়া কাৰ ঘৰত তেওঁক আবদ্ধ কৰি ৰখা হৈছে? লগত যিগৰাকী মহিলা আছে, তেৱেঁই বা কোন? তেওঁ ডেনিয়েলক অপহৰণ কৰিছে নেকি?
সমগ্ৰ ঘটনাত অবাক হৈ পৰে কাষত থকা মহিলা ৰুথ। ঘটনাক্রমে তেওঁ হৈছে ডেনিয়েলৰ পত্নী। কিয় তেওঁক চিনিব পৰা নাই ডেনিয়েলে? এই আচৰিত ঘটনা তাতেই শেষ নহয়। কিছু সময় পিছত আইনাৰ সন্মুখলৈ গৈ ডেনিয়েলে প্রশ্ন কৰে, ‘‘মই এনেদৰে বুঢ়া আৰু শকত হ’লো কিয়?’’ ইয়াৰ পিছতে ডেনিয়েলে আৰম্ভ কৰে স্কুললৈ যোৱাৰ প্রস্তুতি।
প্ৰকৃততে কি হৈছিল ডেনিয়েলৰ? চিকিৎসকে কৈছে, ৩৭ বছৰীয়া ডেনিয়েলৰ সৈতে যি হৈছে, তাক চিকিৎসাৰ ভাষাক ‘ট্রেনজিয়েন্ট গ্লোবেল এমনেচিয়া’ বুলি কোৱা হয়। এই সমস্যাত বহুতৰেই কিছু পৰিমাণে স্মৃতি বিলোপ হৈ যায়। ডেনিয়েলৰ লগত সেইটো মাৰাত্মকভাবে হৈছে। এক ঘুমতিতে তেওঁৰ ২০ বছৰৰ স্মৃতি মচ খাই পৰিষ্কাৰ হৈ গৈছে। ৩৭ বছৰীয়া ডেনিয়েলে নিজকে স্কুলত পঢ়া ল’ৰা বুলি ভাবিবলৈ লৈছে।
পৰিস্থিতি এনে পর্যায়লৈ যায় যে ডেনিয়েলে দাবী কৰি থাকে যে ৰুথে তেওঁক অপহৰণ কৰি আবদ্ধ কৰি ৰাখিছে। অৱশেষত ডেনিয়েলক তেওঁৰ পিতৃ-মাতৃৰ ওচৰলৈ লৈ যোৱা হয়। তাতেই তেওঁ বুজিব পাৰে যে ক’ৰবাত কিবা এটা গণ্ডগোল হৈছে।
চিকিৎসকে কোৱা মতে, ‘ট্রেনজিয়েন্ট গ্লোবেল এমনেচিয়া’ৰ প্রধান কাৰণ মানসিক চাপ আৰু আবেগজড়িত সমস্যা। ডেনিয়েলৰো পেছাগত সমস্যা হৈছিল। আৰু সেয়াই হয়তো স্মৃতি বিলোপৰ কাৰণ। অৱশ্যে ডেনিয়েলৰ ক্ষেত্রত বিষয়টো যিমান মাৰাত্মক হৈছে, বেছিভাগ ক্ষেত্রত তেনে নহয়। এনেদৰে ২০ বছৰৰ স্মৃতি হেৰাই যোৱাটো বিৰল বুলি জনাইছে চিকিৎসকে।











