স্বাস্থ্য প্ৰতিবেদন:
বেছিভাগ মানুহেই দীর্ঘায়ু পাব বিচাৰে। কিন্তু কেৱল দীর্ঘায়ু পালেই নহ’ব, দীর্ঘ দিন সুস্থভাবে বাচি থকাটোও জৰুৰী।
দীর্ঘ দিন সুস্থভাবে বাচি থকাৰ বাবে কি কি স্বাস্থ্যকৰ খাদ্য খোৱা উচিত, জীৱন ধাৰণত কেনেকুৱা পৰিৱৰ্তন অনা প্ৰয়োজন— সেয়ে বহুতেই জানে। কিন্তু সুস্থ দীর্ঘায়ুৰ বাবে কি কি খাদ্য বা পানীয় এৰাই চলিব লাগে, সেয়া জানেনে?
শেহতীয়া কিছু গৱেষণাই জনাইছে, কি কি খাদ্য খালে আয়ুস কমি যাব পাৰে। সুস্থভাবে বাচি থাকিবলৈ হ’লে এইবোৰ এৰাই চলিব লাগিব।
‘লেনছেট’ পত্রিকাত প্রকাশিত কেইবাটাও সমীক্ষাৰ ৰিপোর্টে কৈছে, যিসকলে সপ্তাহত ১৪ পেগ মদ্যপান কৰে, তেওঁলোকৰ ছমাহ পর্যন্ত আয়ুস কমি যাব পাৰে। যিসকলে সপ্তাহত ১৪-২৫ পেগ পর্যন্ত মদ্যপান কৰে, তেওঁলোকৰ ক্ষেত্রত আয়ুস কমিব পাৰে এক-দুই বছৰ।
আৰু যিসকলে সপ্তাহত ২৫ পেগৰ বেছি মদ্যপান কৰে, তেওঁলোকৰ ক্ষেত্রত আয়ুস পাঁচ বছৰ পর্যন্ত কমি যাব পাৰে। প্রায় ৬ লাখ মানুহৰ ওপৰত সমীক্ষা চলাই এই সিদ্ধান্তত উপনীত হৈছে বিজ্ঞানীসকল।
পেকেটত বিক্রী হোৱা ৰেডিমেড খাদ্য :
বার্গাৰ, পিৎজা বা পেকেটত বিক্রী হোৱা ৰন্ধা মাংসৰ বিভিন্ন উপাদান খালে খুব এটা ক্ষতি নহয়। কিন্তু নিয়মিত খালেই ক্ষতি হয়। পৰিসংখ্যাই কৈছে, এনে ধৰণৰ খাদ্য বা ‘প্রছেছড ফুড’ যিসকলে নিয়মিত খায়, তেওঁলোকৰ মাজত যিকোনো ধৰণৰ কেন্সাৰৰ আশঙ্কা ১২ শতাংশ পর্যন্ত বৃদ্ধি পাব পাৰে। ১১ শতাংশ পর্যন্ত বাঢ়িব পাৰে স্তন কেন্সাৰৰ সম্ভাৱনা।
অতিৰিক্ত চেনি :
কোনো পুষ্টিগুণ নাথাকিলেও কিন্তু চেনি কেলৰিৰে ভৰপূৰ। পুষ্টিগুণহীন এই কেলৰিয়েই বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ হৈ উঠিব পাৰে। কেন্সাৰৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ বা কিডনি বিকল হোৱাৰ দৰে নানা জটিল অসুখে দেখা দিব পাৰে অতিৰিক্ত চেনিৰ কাৰণেই। তাৰ ফলতেই কমিব পাৰে আয়ুস।
অতিৰিক্ত ভজা-পোৰা :
চিপছৰ পৰা আৰম্ভ কৰি খোলা বিক্রী হোৱা অতিৰিক্ত তেলৰ ভজা-পোৰা— সকলোতেই বিপুল পৰিমাণে কেলৰি আছে। এইবোৰে কোলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰে। যিয়ে নানা ধৰণৰ জটিল অসুখৰ সম্ভাৱনা বঢ়ায়।
ধূমপান :
আমেৰিকাৰ ‘চেণ্টাৰ্ছ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচন’ৰ এক সমীক্ষা মতে, যিসকলে নিয়মিত ধূমপান কৰে, তেওঁলোকৰ আয়ুস ১০ বছৰ পর্যন্ত কমি যাব পাৰে। সুস্থভাবে দীর্ঘায়ু পোৱাৰ বাবে ধূমপানৰ অভ্যাস আৰম্ভণিতেই ত্যাগ কৰিব লাগিব— এই পৰামর্শ চিকিৎসকৰ।