![]()
নিউজ ডেস্কঃ
অলিম্পিকলৈ পাকিস্তানৰ পৰা মাত্র ১০ জন ক্রীড়াবিদক প্ৰেৰণ কৰা হৈছে। ইয়াকে লৈ দেশখনত ক্ষোভ প্ৰকাশ কৰিছে বহুতে। দেশৰ ক্রীড়া আন্তঃগাঁথনিক লৈ ক্ষোভ উজাৰিছে একাংশই। তাৰ মাজতে ইণ্টাৰনেটত এটি ভিডিও ভাইৰেল হৈছে। তাত দেখা গৈছে, পাকিস্তানৰ ৰাস্তাত কেইজনমান যুৱকে জিমনাষ্টিক কৰিছে।
https://www.facebook.com/100000753708346/videos/865195564400830/
ফেচবুকত লাহোৰৰ বাসিন্দা ইজাজ সান্ধুই ভিডিওটি শ্বেয়াৰ কৰি লিখিছে, ‘অলিম্পিকত সোণৰ সপোন এনেদৰেই আমাৰ চহৰৰ ৰাস্তাত শেষ হৈ যায়।’
ভিডিওটোত দেখা গৈছে, এজনৰ পিছত আনজন জিমনাষ্টে ৰাস্তাৰে দৌৰি আহি এটি বস্তাত ভৰি দি জাঁপ দিছে। এনেদৰে বহু ওপৰলৈ উঠি এটাৰ পিছত আন এটা পাক খাই পুনৰ ৰাস্তাত থিয় হৈ পৰিছে। একেবাৰে সঠিক লেণ্ডিং! অলিম্পিকৰ মঞ্চত পদক বিজয়ীসকলৰ ক্ষেত্রত ঠিক যিটো দেখা যায়।
২১ ছেকেণ্ডৰ ভিডিওটো ভাইৰেল হৈ পৰিছে। অৱশ্যে কেৱল পাকিস্তানৰ ক্রীড়াপ্রেমীসকলেই নহয়, মুগ্ধ হৈছে ভাৰতীয়সকলো।











