![]()
নিউজ ডেস্কঃ
জীৱনত আজিৰ পিছত কাইলৈ কি হ’ব, সেয়া কোনেও নাজানে। সপোন দেখিলেও সেয়া কিমান বাস্তৱ হ’ব, বা সেই সপোন পূৰণ হ’লেও জীৱিত অৱস্থাত হ’ব নে নাই তাকো আগতীয়াকৈ ক’ব পৰা নাযায়। কিন্তু তাৰ মাজতো কিছু এনে ঘটনা ঘটে, যাৰ বাবে অবাক ন’হৈ নোৱাৰি৷ ২০১৯ চনত ঘটা তেনে এক ঘটনাই আজিও সাধাৰণ মানুহক আচৰিত কৰি তোলে।
ঘটনাটি এনে ধৰণৰ৷ ১৯৯০ চনত এমআৰএফ কোম্পানীত কিছু শ্বেয়াৰ কিনিছিল দিল্লীৰ এজন ব্যক্তিয়ে। কিন্তু শ্বেয়াৰ কিনাৰ কিছুদিন পিছতেই পথ দুৰ্ঘটনাত ব্যক্তিজন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছত দীর্ঘদিন ধৰি হস্পিটেলত চিকিৎসাধীন হৈ থাকিবলগা হয়। বহু চেষ্টাৰ পিছত তেওঁক চিকিৎসকে সুস্থ কৰি তুলিলেও তেওঁ স্বাভাৱিক জীৱন-যাপন কৰিব পৰা নাছিল। ঘৰতেই কমা অৱস্থাত শয্যাশায়ী হৈ আছিল। এনেদৰেই বিছনাত পৰি থাকিয়েই জীৱনৰ ২৯ বছৰ পাৰ কৰে ব্যক্তিজনে।
ইয়াৰ পিছত হঠাৎ এদিন তেওঁ জ্ঞান ঘূৰাই পালে। কমাৰ পৰা লাহে লাহে সুস্থ হৈ উঠে। আৰম্ভণিতে খোজকঢ়াত সমস্যা হ’লেও, নাতিনীৰ সহায়ত নতুনকৈ নিজৰ ভৰিত থিয় দিব পৰা হৈছিল ব্যক্তিজনে। অতীতৰ কোনো কথাই মনত পৰা নাছিল তেওঁৰ। নাতিনীজনৰ সৈতেই তেওঁৰ বন্ধুত্ব গঢ়ি উঠে। অতীতৰ কোনো স্মৃতি মনত পৰিলেই নাতিনীক সেই কাহিনী শুনাইছিল ব্যক্তিজনে। তেনেদৰেই হঠাৎ এদিন তেওঁৰ মনলৈ আহে উক্ত শ্বেয়াৰৰ কথা।
২৯ বছৰ পূৰ্বে এমআৰএফৰ ২০ হাজাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল ব্যক্তিজনে। কিন্তু ইমান বছৰৰ পুৰণি কাগজ ক’ত আছে, সেয়া মনত পেলাব পৰা নাছিল তেওঁ। বহু সন্ধানৰ পিছত অৱশেষত সেয়া পোৱা গ’লেও তাক বিক্ৰী কৰিব পৰা যাবনে নাই, তাক লৈ চিন্তাত পৰিছিল তেওঁ। তেনে সময়ত টেলিভিছনৰ শ্বেয়াৰ সংক্রান্তীয় এটি অনুষ্ঠানলৈ ফোন কৰে তেওঁৰ নাতিনীয়েকে। তেতিয়াই বিশেষজ্ঞসকলে পৰামর্শ দিয়ে ডিমেট একাউন্ট খুলিবলৈ। তাৰ পিছত তাৰ পৰাই উক্ত শ্বেয়াৰবোৰ কিনা-বেচা কৰিব পাৰিব। উক্ত অনুষ্ঠানত উপস্থিত থকা আৰু এজন বিশেষজ্ঞই হিচাব কৰি জনাইছিল, ২৯ বছৰ পিছত উক্ত শ্বেয়াৰবোৰৰ বজাৰ মূল্য ১৩০ কোটি টকা ! অনুষ্ঠানৰ উক্ত অংশখিনিয়েই তাৰ পিছৰ পৰা ছচিয়েল মিডিয়াত ভাইৰেল হৈ যায়।











