![]()
নিউজ ডেস্কঃ
প্রকৃতিয়ে যেতিয়া ভয়ানক ৰূপ ধাৰণ কৰে তেতিয়া ডাঙৰ ডাঙৰ বৈজ্ঞানিক আৱিষ্কাৰো দুর্যোগৰ সন্মুখত সৰু যেন অনুমান হয়। আৰু এনে পৰিস্থিতিয়েই উৎপন্ন হৈছে মধ্য চীনৰ হেনান প্রান্তত। মুষলধাৰ বৰষুণৰ কাৰণে উক্ত এলেকাত অহা বানে বিনাশকাৰী ৰূপ লৈছে। হঠাৎ বান অহাৰ কাৰণে এলেকাটোৰ পথ জলমগ্ন হৈ পৰিছে। শ্বপিং মল, মেট্রো ৰে’ল, বিভিন্ন কার্যালয় একেবাৰে পানীৰ তলত।
উল্লেখ্য, প্ৰযুক্তিৰ দিশৰ পৰা যথেষ্ট উন্নত চীনৰ প্রাকৃতিক বিপর্যয় ৰোধৰ বাবে মূল্যৱান বৈজ্ঞানিক সৰঞ্জামাদিৰ লগতে প্রশিক্ষণপ্রাপ্ত দল আছে। কিন্তু বানৰ যি প্রলয় চীনত আহিছে তাক প্রতিৰোধ কৰিবলৈ সম্পূৰ্ণ ব্যর্থ জিনপিং চৰকাৰ। বিশেষজ্ঞ মতে, ১০০০ বছৰত চীনত এনে বান কেতিয়াও অহা নাই।
বানৰ কবলত আবদ্ধ হোৱা লোকসকলে এতিয়া ভিডিও তৈয়াৰ কৰি ছচিয়েল মিডিয়াৰ মাধ্যমেৰে নিজৰ অৱস্থা ব্যক্ত কৰিছে। ছচিয়েল মিডিয়াত চীনৰ বহু কেইটা ভয়ানক ভিডিও ভাইৰেল হৈছে, যিয়ে সাধাৰণ মানুহৰ মন ব্যথিত কৰিছে।
এটা ভিডিওত চীনৰ মেট্রো ষ্টেচনৰ ভিতৰত পানীৰ দেখা পোৱা গৈছে। আন এক ভিডিওত ছাবৱেত আবদ্ধ হৈ থকা লোকৰ ভিডিও দেখা গৈছে।
কেৱল সেয়াই নহয়, এক ভিডিওত বহু চাৰিচকীয়া গাড়ী বানত উটি যোৱা দেখা গৈছে। আন এক স্থানত মলৰ ভিতৰত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ চেষ্টা কৰা হৈছে। সকলো মিলাই মধ্য চীনৰ পৰিস্থিতি অতি উদ্বেগজনক।











