![]()
নিউজ ডেস্কঃ
একেৰাহে ৫ মাহ ধৰি ঘৰতেই ভনীয়েকক ধর্ষণৰ অভিযোগত অভিযুক্ত হ’ল ককায়েক। এই নৃশংস ঘটনাটি ঘটিছে বংগৰ আনন্দপুৰত। নির্যাতিতা যুৱতীগৰাকীৰ অভিযোগ, একেৰাহে ৫ মাহ ধৰি তেওঁক ককায়েকে ঘৰতেই ধর্ষণ কৰিছে। এই অভিযোগ পোৱাৰ লগে লগেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। নির্যাতিতা যুৱতীগৰাকীৰ ককায়েকক গ্রেপ্তাৰো কৰে আৰক্ষীয়ে। টিটাগড় এলেকাৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অভিযুক্তক। আনন্দপুৰৰ যুৱতীগৰাকীয়ে থানাত জনোৱা অভিযোগ অনুসৰি তেওঁৰ ককায়েকে যোৱা জানুৱাৰী মাহৰ পৰাই নিৰন্তৰভাবে ধর্ষণ কৰি আহিছে। আনন্দপুৰৰ ঘৰতেই যুৱতীগৰাকীক ধর্ষণ কৰিছিল অভিযুক্ত যুৱকজনে। যুৱতীগৰাকীৰ শাৰীৰিক পৰীক্ষা কৰোৱা হয়।
ইফালে অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি জেৰা কৰি আছে। লগতে অভিযুক্তৰ বিষয়ে সকলো তথ্য একত্ৰিত কৰিছে আৰক্ষীয়ে। আৰু কোনো যৌন সম্পর্কীয় বা ধর্ষণৰ অভিযোগ অভিযুক্তৰ নামত আছে নেকি সেয়া তদন্ত কৰিছে আৰক্ষীয়ে।











