নিউজ ডেস্কঃ
কৰোনাৰ পৰা আজীৱন সুৰক্ষা পোৱা যাব অক্সফোর্ড-এস্ট্রাজেনেকাৰ তৈয়াৰী কৰোনা টীকা ‘কোভিশিল্ড’ ল’লে। অক্সফোর্ড বিশ্ববিদ্যালয় আৰু ছুইজাৰলেণ্ডৰ গৱেষকসকলে বিজ্ঞান বিষয়ক জার্নেল নেচাৰত প্রকাশিত এক ৰিপোর্টত এই কথা জনাইছে।
ভাৰতীয় সংবাদ-পত্ৰ হিন্দুস্তান টাইমছৰ শুক্রবাৰৰ প্রতিবেদনত কোৱা হৈছে, কোভিশিল্ড টীকাত সৃষ্টি হোৱা এন্টিবডি শেষ হোৱাৰ বহু পিছতো শৰীৰত এই গুৰুত্বপূর্ণ কোষবোৰ সৃষ্ট হৈ থাকিব। ফলত সম্ভৱত সমগ্ৰ জীৱনেই সেয়া অব্যাহত থাকিব।
ছুইজাৰলেণ্ডৰ গৱেষক বুখার্ড লুডউইগে জনায়, ‘এই চেলুলাৰ প্রশিক্ষণ শিবিৰবোৰৰ পৰা যি টি-কোষবোৰ আহে সেইবোৰৰ ভিতৰত খুব উচ্চস্তৰৰ ফিটনেছ আছে। ফলত ভৱিষ্যতে মহামাৰীৰ এই ভাইৰাছৰ সংক্রমণৰ পৰা ইয়েই ৰক্ষা কৰিব। এইক্ষেত্রত ভাইৰাছেই আমাৰ সকলোতকৈ ডাঙৰ শিক্ষক।’
গৱেষণাত আৰু কোৱা হৈছে যে এন্টিবডি সৃষ্টিৰ উপৰি এই টীকা ‘ছার্চ-এণ্ড-ডেষ্ট্ৰয় টি-চেল’ প্রস্তুত কৰে। ই যেন শৰীৰৰ ভিতৰত টি-কোষৰ ‘প্রশিক্ষণ শিবিৰ’। ফলত ই ভৱিষ্যতে নতুন প্ৰজাতিৰ ভাইৰাছৰ বিৰুদ্ধেও সমানে কার্যকৰী।