![]()
নিউজ ডেস্কঃ
ঘোঁড়াত উঠি দৰা আহিছিল কইনাৰ ঘৰলৈ। স্বাগতম জনাবলৈ কইনা পক্ষই ফটকা ফুটাওঁতেই হ’ল বিপদ! ফটকাৰ শব্দত ভয় খাই দৰাক পিঠিত লৈয়েই দিগ্বিদিক পাহৰি দৌৰ লগালে ঘোঁড়াই। দৰাক ধৰিবলৈ পিছে পিছে দৌৰিলে দৰা-কইনা— দুয়ো পক্ষৰ লোকেই। সমগ্ৰ ঘটনাটিৰ এটি ভিডিও ইণ্টাৰনেটত বিয়পি পৰিছে।
ৰাজস্থানৰ এখন বিয়াঘৰৰ ঘটনা এয়া। আজমিৰৰ গাঁও ৰামপুৰাত বৰযাত্রীসকলক লৈ ঘোঁড়াত উঠি বিয়া কৰাবলৈ আহিছিল দৰা। বৰযাত্রীক অভ্যর্থনা জনোৱাৰো সম্পূৰ্ণ বন্দোবস্ত আছিল কইনা পক্ষৰো। কিন্তু ফটকা ফুটাওঁতেই লাগি যায় পয়মাল। ফটকাৰ শব্দৰ ভয়ত পলাই যায় দৰাৰ ‘বাহন’। দৌৰি থকা ঘোঁড়াৰ পিঠিৰ পৰা দৰাই নামিবলৈ চেষ্টা কৰে যদিও ব্যর্থ হয়। দৰাক বচাবলৈ ইয়াৰ পিছত ঘোঁড়াৰ পিছত দৌৰে বৰযাত্রীসকল। গাড়ী আৰু বাইকত উঠি পিছা কৰে কইনাৰ আত্মীয়সকলেও। অৱশেষত চাৰি কিলেমিটাৰ প্রাণপণে দৌৰি ৰখে ঘোঁড়াটি। শেষ পর্যন্ত অৱশ্যে দৰাক সুস্থ অৱস্থাতেই উদ্ধাৰ কৰা হয়। তাৰ পিছত পুনৰ আৰম্ভ হয় বিয়াৰ কাৰ্য ৷











