![]()
নিউজ ডেস্কঃ
নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন স্থানত হোৱা ভূমিস্খলত একেলগে ৩৬ জনৰ মৃত্যু হৈছে মহাৰাষ্ট্রত। মুম্বাইৰ পৰা ৭০ কিলোমিটাৰ দূৰৈৰ ৰায়গড় জিলাৰ কঙ্কনত এই ঘটনা ঘটিছে। বৃহস্পতিবাৰে তাৰে বিভিন্ন ভূমিস্খলন হয়। তাৰে একেটা স্থানৰ পৰাই ৩২ জনৰ মৃতদেহ উদ্ধাৰ হৈছে। অন্য এটি স্থানৰ পৰা আৰু চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। কমেও আন ৩০ জন আবদ্ধ হৈ থকাৰ আশঙ্কা কৰা হৈছে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ হেলিকপ্টাৰ নমাইছে মহাৰাষ্ট্র চৰকাৰে।
বিগত কেইবা দিন ধৰি প্ৰবল বৰষুণ হৈছে মহাৰাষ্ট্রত। বিগত ২৪ ঘণ্টা একেৰাহে বৰষুণ হৈছে ৰাজ্যখনত। ফলত মুম্বাইসহ একাধিক এলেকা জলমগ্ন হৈ আছে। বান পৰিস্থিতি উদ্ভৱ হৈছে ৰায়গড়, ৰত্নগিৰি, কোলাহপুৰসহ একাধিক জিলাত। বিগত ৪০ বছৰত জুলাই মাহত এই পৰিমাণৰ বৰষুণ মহাৰাষ্ট্রত হোৱা নাই বুলি জনাইছে বতৰ বিজ্ঞান বিভাগে। উদ্ধাৰকার্য চলাবলৈ নৌবাহিনী আৰু উপকূলৰক্ষী বাহিনীৰো সহায় লৈছে ৰাজ্য চৰকাৰে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীও নমোৱা হৈছে।











