![]()
নিউজ ডেস্কঃ
আফগানিস্তান সন্দৰ্ভত আন্তর্জাতিক বৈঠকলৈ আমন্ত্রণ লাভ কৰিলে ভাৰতে। আফগানিস্তানৰ ওপৰত পাকিস্তান, ৰাছিয়া আৰু ইৰানৰ আধিপত্যক লৈ চিন্তিত দিল্লী। সম্প্রতি মার্কিন আৰু নেটোৰ সেনা আঁতৰি যোৱাত দেশখনত তালিবানি দখল দিনক দিনে বাঢ়ি গৈছে। এই সন্দৰ্ভত আফগানিস্তানৰ ভাল বিচাৰি ৰাছিয়াৰ দ্বাৰস্থ হয় ভাৰত।
এইবাৰ বৈঠকলৈ আমন্ত্ৰণ অহাত কিছু হ’লেও স্বস্তি পোৱা গৈছে। কিছুদিন আগতে তাজিকিস্তানত ‘চাংহাই কো-অপাৰেচন অৰ্গেনাইজেচন’ৰ এক বৈঠকত উপস্থিত আছিল বিদেশমন্ত্রী এছ জয়শঙ্কৰ। তিনি মন কৰিছে আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান আৰু ভাৰতৰ সন্মিলিত গোটৰ দৰেই আৰু এটি গোট গঠন হ’বলৈ আগবাঢ়িছে। তাত আছে চীন, পাকিস্তান, ৰাছিয়া আৰু ইৰান। আফগানিস্তানৰ ওপৰত আধিপত্য বিস্তাৰক লৈ চলিছে যথেষ্ট কূটনৈতিক যুদ্ধ।
একালৰ বন্ধুদেশ হিচাবে পৰিচিত ৰাছিয়া আৰু ইৰানক দূৰলৈ আঁতৰি যোৱা দেখি চিন্তিত ভাৰত। পিছে আফগানিস্তান সন্দৰ্ভত বৈঠকলৈ আহ্বান অহাত কিছু ক’লা মেঘ আঁতৰিল। বৈঠকলৈ ৰাছিয়াৰ উপৰি থাকিব আমেৰিকা, চীন আৰু আফগানিস্তান। পাকিস্তান আৰু ইৰানেও অংশ লোৱাৰ কথা।











