![]()
নিউজ ডেস্কঃ
ইণ্টাৰনেটত প্রচাৰ লাভৰ বাবে নাবালক পুত্ৰৰ সৈতে ‘অশালীন’ নৃত্যৰ ভিডিও প্রকাশ কৰি বিতর্কত জড়িত হ’ল এগৰাকী যুৱতী। তেওঁৰ এই ভিডিও প্রকাশৰ পিছতেই পদক্ষেপ গ্ৰহণ কৰিছে প্রশাসনে।
ঘটনাটি ঘটিছে দিল্লীত। এটি শিশুৰ সৈতে তেওঁৰ মাতৃৰ বহু কেইটা ভিডিও প্রকাশ পাইছে ইনস্টাগ্রামত। তাত দেখা গৈছে শিশুটিৰ সৈতে ‘অশালীন’ ভঙ্গীত নাচিছে যুৱতীগৰাকীয়ে। নাবালক অৱস্থাত নিজৰ পুত্ৰৰ এনেধৰণৰ ভিডিও প্রকাশৰ পিছত কেইবাজনেও দিল্লী মহিলা আয়োগত অভিযোগ দাখিল কৰে। তাৰ পিছতেই পদক্ষেপ গ্ৰহণ কৰে মহিলা আয়োগে। দিল্লী আৰক্ষীক যুৱতীগৰাকীৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ নির্দেশ দিছে মহিলা আয়োগে।
মহিলা আয়োগে এক বিবৃতিত কয়, ‘মাতৃ হৈও কেনেদৰে ইমান কম বয়সৰ নিজৰ পুত্ৰৰ সৈতে এনেধৰণৰ অশালীন নৃত্য কৰিব পাৰে? এই ঘটনা অতি লজ্জাজনক। সমাজত এনেধৰণৰ ভিডিওৰ বিৰূপ প্রভাব পৰিব পাৰে।’
দিল্লী মহিলা আয়োগৰ অধ্যক্ষই দিল্লী আৰক্ষীক অভিযুক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নির্দেশ দিছে। ভিডি়ওটি নেট মাধ্যমৰ পৰা আঁতৰাই দিয়াৰো নির্দেশ দিয়ে তেওঁ। শিশুটিৰ কাউন্সেলিঙৰ পৰামর্শও দিছে। বিতর্কৰ পিছতেই অৱশ্যে ভিডিওটি ইনস্টাগ্রামৰ পৰা মচি দিয়া হৈছে।











