![]()
নিউজ ডেস্কঃ
২-৬ বছৰীয়া শিশুসকলৰ কোভেক্সিন টীকাৰ দ্বিতীয় পালিৰ ট্রায়েল আৰম্ভ হ’ব অহা সপ্তাহত। ৬–১২ বছৰ বয়সীয়াসকলৰ ওপৰত উক্ত টীকাৰ দ্বিতীয় পালিৰ ট্রায়েল সম্পূর্ণ হৈছে। দিল্লীৰ এইমছ (ট্রায়েলৰ অন্যতম কেন্দ্র) সূত্রে জনা গৈছে, ইতিমধ্যে টীকাৰ দ্বিতীয় পালিৰ ট্রায়েল উক্ত শিশুসকলৰ ওপৰত সম্পন্ন হৈ গৈছে।
আনহাতে, এইমছ প্রধান ৰণদীপ গুলেৰিয়াই কয়, ছেপ্টেম্বৰৰ ভিতৰতেই দেশত শিশুসকলৰ টীকাকৰণ প্রক্রিয়া আৰম্ভ হৈ যাব পাৰে।











