![]()
নিউজ ডেস্কঃ
ৰাজ্যসভাত কেন্দ্রীয় ৰাজ্যিক মন্ত্রী নিশিথ প্ৰামাণিকৰ নাগৰিকত্বক লৈ প্রশ্ন তুলিলে তৃণমূলে। সোমবাৰে ৰাজ্যসভাত তৃণমূল সাংসদ সুখেন্দু শেখৰ ৰায়ে জানিব বিচাৰে, নিশিথ বাংলাদেশৰ নাগৰিক বুলি যি অভিযোগ উঠিছে সেয়া সঁচা হয়নে নহয়। তেওঁৰ মন্তব্যত সমর্থন জনাই কংগ্রেছে ঘটনাৰ তদন্ত দাবী কৰে।
বিজেপি সাংসদসকলে ইয়াৰ প্রতিবাদ জনোৱাত ৰাজ্যসভাত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। বিজেপিৰ দাবী, বিৰোধীৰ অভিযোগ মিছা। নিশিথ ভাৰতীয় নাগৰিক। ৰাজ্যসভাত বিজেপিৰ দলীয় নেতা তথা কেন্দ্রীয় মন্ত্রী পীযূষ গোৱেলে কয়, ‘‘নিশিথৰ নাগৰিকত্বক লৈ ভিত্তিহীন অভিযোগ তোলা হৈছে।’’ অৱশ্যে পিছত সংবাদমেলত ৰাজ্যসভাৰ তৃণমূলৰ নেতা ডেৰেক অ’ব্রায়েনে জনায়, নিশিথৰ বিৰুদ্ধে বাংলাদেশী নাগৰিকত্বৰ অভিযোগ সন্দৰ্ভত চৰকাৰৰ ওপৰত তেওঁলোকে চাপ বৃদ্ধি কৰিব।
উল্লেখ্য, যোৱা সপ্তাহত নিশিথৰ নাগৰিকত্ব সন্দৰ্ভত প্রশ্ন তুলিছিল অসম প্রদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্ৰ লিখি তেওঁ অভিযোগ কৰে, কোচবিহাৰৰ বিজেপি সাংসদ তথা কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিশিথ আচলতে বাংলাদেশৰ গাইবান্ধা জিলাৰ বাসিন্দা। পলাশবাড়িৰ হৰিনাথপুৰত নিশিথৰ ঘৰ থকা বুলিও তেওঁ দাবী কৰে। ৰিপুণ বৰাই অভিযোগ কৰে, জাল নথি দেখুৱাই নিশিথে নিজকে কোচবিহাৰৰ বাসিন্দা বুলি দাবী কৰিছে।











