![]()
নিউজ ডেস্কঃ
মূৰৰ ঘাম মাটিত পেলাই উপাৰ্জন কৰা লক্ষাধিক টকা কুটি টুকুৰা টুকুৰ কৰিলে ইন্দুৰে। মূৰে-কপালে হাত দিবলগা অৱস্থা তেলেংগানাৰ কৃষকৰ। শাক-পাচলি বিক্ৰী কৰি, মানুহৰ পৰা কিছু ধাৰ কৰি প্রায় দুই লাখ টকা জমা কৰিছিল মহাবুবনগৰ জিলাৰ বাসিন্দা ৰেদ্যা নায়কে। ঠিক কৰিছিল, উক্ত টকাৰে পেটৰ অস্ত্রোপচাৰ কৰাব। কিন্তু উক্ত কষ্টোপাৰ্জিত টকাকেই কুটি নষ্ট কৰিলে ইন্দুৰে।
আলমাৰিত এটি কাপোৰৰ মোনাৰ ভিতৰত ৫০০ টকীয়া নোটত উক্ত ধন ৰাখিছিল ৰেদ্যাই। যোৱা মঙ্গলবাৰে আলমাৰি খুলি উক্ত টকা উলিয়াবলৈ গৈয়ে দেখে এই কাণ্ড। তেনে মুহূর্তত তেওঁ কি কৰিব, একো বুজি নাপাই কাপোৰৰ মোনাখন লৈয়েই দৌৰ মাৰে বেঙ্কলৈ। এটি নহয়, তেওঁৰ ঘৰৰ আশেপাশে থকা সকলো বেংকলৈয়ে যায় তেওঁ। কিন্তু সকলোতে নিৰাশ হ’বলগা হয় তেওঁ। বেংকে জনায়, ইন্দুৰে খোৱা টকা সলনি কৰা দিয়াটো সম্ভৱ নহয়।
এনে পৰিস্থিতিত ৰেদ্যাৰ সাহায্যার্থে আগবাঢ়ি আহিছে ৰাজ্যখনৰ আদিবাসী, মহিলা আৰু শিশুকল্যাণমন্ত্রী সত্যৱতী ৰাথোৰ। ৰেদ্যাৰ চিকিৎসাৰ সকলো বন্দোৱস্ত তেওঁ কৰিব বুলি জনাইছে।











