![]()
নিউজ ডেস্কঃ
নতুন বছৰৰ প্ৰথমটো দিনৰ পৰাই পৰিৱর্তন হ’বলৈ আগবাঢ়িছে এটিএম লেনদেনৰ মাচুল। ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা বিনামূল্যে লেনদেনৰ বাহিৰত টকা উলিয়ালেই ২১ টকাকৈ মাচুল দিব লাগিব গ্রাহকে। প্রতি মাহত গ্রাহকৰ ৫টা বিনামূলীয়া লেনদেনৰ সেৱা বৰ্তমান প্ৰদান কৰি আছে বেঙ্কবোৰে। কিন্তু বিজ্ঞপ্তি জাৰি কৰি ৰিজার্ভ বেংকে ঘোষণা কৰিলে, নতুন বছৰৰ পৰা লেনদেনত এক টকাকৈ বৃদ্ধি কৰা হৈছে। চলিত বছৰ পর্যন্ত বিনামূল্যে লেনদেনৰ বাহিৰত ২০ টকা চার্জ লোৱা হয়। নতুন বছৰত ১ টকা বৃদ্ধি কৰি অৰ্থাৎ ২১ টকাকৈ গ্রাহকৰ পৰা লোৱা হ’ব।
এটিএম লেনদেনত ১ টকা বৃদ্ধিৰ উপৰি, ডেবিট আৰু ক্রেডিট কার্ড কোম্পানীবোৰৰ সেৱা মূল্যও বৃদ্ধি কৰা হ’ব। অর্থনৈতিক লেনদেনৰ ক্ষেত্রত নতুন বছৰৰ পৰা ১৫ টকাৰ পৰিৱর্তে ১৭ টকা দিব লাগিব। আনহাতে, অনা-অর্থনৈতিক লেনদেনৰ ক্ষেত্রত বৃদ্ধি কৰা হৈছে ১ টকা। অর্থাৎ এতিয়াৰে পৰা কোম্পানীবোৰক ৫ টকাৰ পৰিৱর্তে গ্ৰাহকে ৬ টকা দিব লাগিব।











