![]()
নিউজ ডেস্কঃ
তালিবানৰ আক্ৰমণত মৃত্যু হ’ল ভাৰতীয় চিত্র সাংবাদিক দানিচ চিদ্দিকিৰ।
ৰহিঙ্গা শৰণাৰ্থীৰ ফটো তুলি পুলিৎজাৰ বঁটা লাভ কৰিছিল চিদ্দিকিয়ে। ৰয়টাৰ্ছ সংবাদ সংস্থাত চাকৰি কৰিছিল তেওঁ। কেইদিনমান পূৰ্বে তালিবানৰ আক্ৰমণত বিধ্বস্ত আফগানিস্তানলৈ গৈছিল তেওঁ। বৃহস্পতিবাৰে নিশা কাণ্ডাহাৰত তালিবানৰ আক্ৰমণত প্রাণ হেৰুৱায় চিদ্দিকিয়ে।
কাণ্ডাহাৰৰ মূল বজাৰ এলেকা স্পিন বোলডাক দখল কৰে তালিবানে। তাক পুনৰুদ্ধাৰৰ বাবে জঁপিয়াই পৰে আফগান সেনাবাহিনী। সেনাবাহিনীৰ সৈতেই আছিল চিদ্দিকিও। বৃহস্পতিবাৰ সংঘটিত হৈছিল এই সংঘৰ্ষ। প্রথমে তালিবানৰ চোকা অস্ত্রৰ আঘাত লাগিছিল হাতত। চিকিৎসাৰ পিছত সুস্থ হৈ উঠে। ইয়াৰ পিছত উক্ত এলেকাত এজন দোকানীৰ সৈতে কথা পাতি থাকোতেই পুনৰ আক্ৰমণ হয়। তাতেই চিদ্দিকি আৰু এজন আফগান সেনা বিষয়াৰ প্রাণ যায়।











