![]()
নিউজ ডেস্কঃ
চৰকাৰী সেনাক আঁতৰাই প্রতিদিনেই নতুন নতুন এলেকা নিজৰ দখললৈ নিছে আফগান তালিবান বাহিনীয়ে। সেনা আৰু সন্ত্ৰাসবাদীৰ লগতে গৃহযুদ্ধত নিহত হৈছে বহু সাধাৰণ নাগৰিক। এই পৰিস্থিতিতে শান্তিৰ সন্ধানত নতুনকৈ বৈঠক আৰম্ভ কৰিলে আফগানিস্তান চৰকাৰ আৰু তালিবান। কাটাৰৰ দোহাত শনিবাৰৰ পৰা আৰম্ভ হৈছে যুযুধান দুয়োপক্ষৰ উচ্চ পর্যায়ৰ প্রতিনিধিৰ এই বৈঠক।
আফগান চৰকাৰৰ প্রতিনিধি দলৰ নেতৃত্বত আছে দেশখনৰ প্রাক্তন বিদেশমন্ত্রী তথা শান্তি আলোচনা বিষয়ক কমিটিৰ প্রধান আব্দুল্লা আবদুল্লা। তালিবানৰ তৰফৰ পৰাও কাটাৰৰ শান্তি-আলোচনাৰ কথা স্বীকাৰ কৰা হৈছে। সংগঠনটোৰ মুখপাত্র মহম্মদ নঈমে কয়, ‘‘সমস্যাবোৰ সমাধানৰ বাবে আন্তৰিক মনোভাবেৰে আলোচনা আৰম্ভ কৰিব পৰা যায়। কিন্তু এই ক্ষেত্রত চৰকাৰেও ইতিবাচক মনোভাব দেখাব লাগিব।’’
অৱশ্যে আলোচনাৰ মেজত অংশ ল’লেও তালিবানৰ পক্ষৰ পৰা জনাইছে, দেশত চৰিয়ত আইন বলৱৎ নোহোৱা পর্যন্ত পিছুৱাই অহাৰ প্রশ্নই নুঠে।











