![]()
নিউজ ডেস্কঃ
২০ বছৰ লিভ-ইন সম্পর্ক থকাৰ পিছত ধুমধামেৰে বিয়া পাতিলে উত্তৰ প্রদেশৰ এহাল বৃদ্ধ-বৃদ্ধাই। নৱদম্পতিৰ এই বিয়াৰ সাক্ষী হৈ থাকিল তেওঁলোকৰেই একমাত্র সন্তান।
ষাঠি বছৰীয়া নাৰায়ণ ৰায়দাসে বিয়া কৰায় পঁচপন্ন বছৰীয়া ৰামৰতিক। আৰু তাৰ লগতে পূৰ্ণতা পালে তেওঁলোকৰ দুই দশকৰ ভালপোৱাৰ সম্পর্কই। ২০০১ত নাৰায়ণৰ সৈতে ৰামৰতিৰ প্ৰেমৰ সম্পর্ক গঢ়ি উঠে। দুয়োজনৰেই পৰিয়ালত কোনো সদস্য নথকাত দুয়ো একেলগে থাকিবলৈ আৰম্ভ কৰে।
উন্নাওৰ ৰছুলপুৰ ৰুৰী গাঁৱত তেওঁলোকে একেলগে বসবাস কৰিবলৈ আৰম্ভ কৰে। দুয়োৱেই খেতি-বাতি কৰি সংসাৰ চলাই থাকে। পিছে বিয়া নপতাকৈ একেলগে থকাত প্রতি দিনে গাঁওবাসীৰ গঞ্জনা আৰু লাঞ্ছনাৰো চিকাৰ হ’বলগা হৈছিল তেওঁলোকে। কিন্তু তেওঁলোকৰ ভালপোৱাৰ ওচৰত সেইবোৰ আছিল তুচ্ছ। সকলো সহ্য কৰিও দুয়ো দুয়োকে সংগ দিয়ে দুই দশক ধৰি। তেওঁলোকৰ ১৩ বছৰীয়া এটি সন্তানো আছে। নাম অজয়।
এনেদৰে দিন কটাবলগীয়া হোৱা বাবে গাঁওখনৰ গাঁওবুঢ়া ৰমেশ কুমাৰ, সমাজকর্মী ধর্মেন্দ্র বাজপেয়ী আৰু সুনীল পাল নাৰায়ণে দুয়োকে বিয়া পতাৰ পৰামৰ্শ দিয়ে৷ আনকি গাঁওবুঢ়াই বিয়াৰ সকলো খৰচ বহন কৰাৰো আশ্বাস দিয়ে। অৱশেষত বিয়াত বহিবলৈ ৰাজী হয় নাৰায়ণ-ৰামৰতি। পুত্ৰৰ উপস্থিতিত দুয়ো হাত এক হয়। গাঁওবাসীও আনন্দত নাচি উঠে৷











