![]()
নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতিত কলেজ, বিশ্ববিদ্যালয়ত নামভৰ্তি প্রক্রিয়া আৰু পাঠদান আৰম্ভ কৰাৰ দিন জনালে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি)। শিক্ষা প্রতিষ্ঠানবোৰক ইউজিচিয়ে জনাইছে, স্নাতক আৰু স্নাতকোত্তৰ প্রথম বর্ষৰ নামভর্তি প্রক্রিয়া ৩০ ছেপ্টেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব। কলেজ, বিশ্ববিদ্যালয়বোৰত ছাত্র-ছাত্রীসকলৰ শূন্যস্থান পূৰণৰ অন্তিম দিন ৩১ অক্টোবৰ। অৱশ্যে তাৰ পূৰ্বে অর্থাৎ ১ অক্টোবৰৰ পৰা প্রথম বর্ষৰ শ্ৰেণী আৰম্ভ কৰিব লাগিব বুলি জনাইছে ইউজিচিয়ে।
কলেজ, বিশ্ববিদ্যালয়বোৰৰ বার্ষিক শিক্ষা সূচীও জনাইছে ইউজিচিয়ে। কোৱা হৈছে, ৩১ আগষ্টৰ ভিতৰত অনলাইন বা অফলাইনত চূড়ান্ত বর্ষৰ পৰীক্ষা শেষ কৰিব লাগিব। বাকী বর্ষ বা ছেমিষ্টাৰৰ ছাত্র-ছাত্রীসকলৰ মূল্যায়ন কৰা হ’ব তাৰ আগৰ বর্ষ বা ছেমিষ্টাৰৰ ফলাফল অনুযায়ী।
ইউজিচিৰ তৰফৰ পৰা এটি বিজ্ঞপ্তি জাৰি কৰি কোৱা হৈছে, ‘চিবিএছই, আইচিএছই অথবা বিভিন্ন ৰাজ্যৰ বোর্ডৰ ফলাফল প্রকাশৰ পিছতেই ২০২১- ২২ শিক্ষাবর্ষৰ বাবে কলেজবোৰে ভর্তি প্রক্রিয়া আৰম্ভ কৰিব। আশা কৰা হৈছে চিবিএছই, আইচিএছই অথবা বিভিন্ন ৰাজ্যৰ বোর্ডৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্রকাশ হৈ যাব।’ যদি দ্বাদশ শ্রেণীৰ ফলাফল প্রকাশত পলম হয় তেনেহ’লে প্রথম বর্ষৰ পাঠদান আৰম্ভ কৰাৰ সময় সীমা ১৮ অক্টোবৰ পর্যন্ত বৃদ্ধি হ’ব পাৰে বুলি নির্দেশনাটোত জনোৱা হৈছে।











