ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ‘স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী’

ASSAM TIMES POST by ASSAM TIMES POST
July 16, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : ‘স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী’

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

ডাঃ ভূপেন শইকীয়া

শিৰোনামাটো পঢ়ি কোনো কোনোজন হয়তো সচকিত হৈ উঠিব পাৰে৷ প্ৰেচাৰ, ছুগাৰ, কলেষ্টৰ’ল, মেদবহুলতা, গাউট (বৰ্ধিত ইউৰিক এচিড থকা) থকা লোকে কণী খোৱাটো সমীচিন হয়নে ?

আন নিয়মীয়া স্বাস্থ্যৰ লোকে দিনে কেইটা কণী খোৱা উচিত ? ‘ছানডে হো য়া মনডে ৰোজ খাৱো অণ্ডে’ নাইবা ‘ৱান এগ এ ডে’ কিপ্ছ দ্য ডক্তৰ এৱে’- এনে শ্লোগান কিমানদূৰ সত্য? হাফ বইল বা কেঁচা কণী খোৱাটো নিৰাপদনে ? কণীৰ বগাখিনি ভালনে ভিতৰৰ হালধীয়াখিনি ভাল ? আকৌ দেখিবলৈ বগা কণীতকৈ মুগা বৰণৰ কণী বেছি গুণসম্পন্ন নেকি ?

ফ্ৰাই, সিদ্ধ, গুড়ি ভাজি নে প’চড (poached) – কণী কেনেদৰে খোৱাটো বেছি স্বাস্থ্যসন্মত ? খোৱাৰ বাহিৰে আন কি কি কামত কণীৰ প্ৰয়োগ হয় ? কণীৰে বনোৱা কেক কাষ্টাৰ্ড বা পুডিং আপুনি খাই কেনে পায় ? কণীৰ খোলাটো কিবা কামত আহেনে ? কণীৰ ভাল-বেয়া কেনেকৈ চিনাক্ত কৰিব ? বইল কণীৰ বাকলি কেনেকৈ সহজতে গুচাব ? মুৰ্গীৰ কণী আৰু হাঁহৰ কণীৰ ভিতৰত কোনবিধ বেছি ভাল ? কণীত স্বাস্থ্যৰ উপযোগী কি কি তত্ব থাকেনো ? পাঠকৰ মনত সচৰাচৰ উদয় হোৱা এই সম্ভাৱ্য কৌতুহলসমূহ সাঙুৰি এই আলোচনাটো আগবঢ়াব খুজিছোঁ৷

পোনতে কণীৰ বিষয়ে বুৰঞ্জীৰ পাত লুটিয়াই চাওঁ আহক৷ যুগ যুগান্তৰ পৰা মানুহে বিভিন্ন পক্ষীৰ কণী ভক্ষণ কৰি আহিছে বুলি জনা যায়৷ অনুমানিক খ্ৰীষ্টপূৰ্ব ৭৫০০ৰ পৰা ভাৰত আৰু দক্ষিণ-পূব এছিয়াত সভ্যতাৰ ক্ৰমবিকাশৰ লগত সংগতি ৰাখি চিকাৰী আদিম মানুহে লাহে লাহে পক্ষী আৰু জীৱক পোহনীয়া কৰি পালিবলৈ আয়ত্ত কৰিলে৷চীন আৰু ইজিপ্তত খ্ৰীষ্টপূৰ্ব ১৫০০, গ্ৰীচ আৰু ইউৰোপত খ্ৰীষ্টপূৰ্ব ৮০০ৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ কলম্বাছে ১৪৯৩ চনত আমেৰিকাত ভাল প্ৰজাতিৰ মুৰ্গীৰ সঁচ মেলিছিল বুলি জনা যায়৷

বৰ্তমান বিশ্বত ২০০বিধ কুকুৰাৰ প্ৰজাতি আছে৷তাৰে সৰ্বোত্তমবিধ পক্ষীয়ে বছৰত ২৫০ৰ পৰা ২৮০টা কণী পাৰে৷ ১৭ শতিকাত ফ্ৰান্সত কণী আৰু ফলৰ ৰসৰ মিশ্ৰণ এটা সময়ত জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল৷ ১৯ শতিকাৰ পৰা কণীৰ ঔদ্যোগীকৰণ আৰম্ভ হয়৷ কানাডাৰ ব্ৰিটিচ কলম্বিয়াৰ জোচেফ কয়’লে ১৯১১ চনত ভঙা কণী বিষয়লৈ বিক্ৰেতা আৰু গ্ৰাহকৰ মাজৰ বিবাদ সমাপ্ত কৰিবলৈ কণীৰ কাৰ্টন আৱিষ্কাৰ কৰে৷

আজি বিশ্বত শীৰ্ষস্থানত থকা কণী উৎপাদনকাৰী দেশকেইখন হ’ল- চীন, আমেৰিকা, ভাৰত, জাপান আৰু ৰাচিয়া৷ কেৱল চীনৰ উৎপাদন ক্ষমতা বাকী চাৰিখন দেশৰ যোগফলৰ প্ৰায় দুগুণ৷ বিজ্ঞানীসকলে কণীৰ গুণাগুণ সম্পৰ্কে নিৰন্তৰ গৱেষণা চলাই আহিছে আৰু নানান তথ্য অৱগত কৰি কণীৰ বিষয়ে সামাজিক সচেতনতা বৃদ্ধি কৰিছে৷ ২০১২ চনৰ পৰা অক্টোবৰ মাহৰ দ্বিতীয় শুকুৰবাৰে ‘বিশ্ব ডিম্ব দিৱস’ দেশে-বিদেশে পালিত হৈ আহিছে৷

আপুনি শুনি বিস্মিত হ’ব কণীৰ খোলাটোত আমি খালি চকুৰে মনিব নোৱৰা কেইবা শ (প্ৰায় ১৭০০) ক্ষুদ্ৰ ছিদ্ৰ থাকে৷ এই ছিদ্ৰইদি কাৰ্বন-ডাই-অক্সাইডৰ বহিৰ্গমন হয় অৰ্থাৎ জীৱন্ত কণীয়ে ইয়াৰ মাধ্যমেৰে শ্বাস-প্ৰশ্বাস লয়৷ খোলাৰ তলত দুখন পাতল জাল (মেমব্ৰেন) থাকে৷ মেমব্ৰেন দুখনৰ মাজত কিছু পৰিমাণে বায়ুকোষ থাকে৷ ইয়াৰ ভিতৰলৈ ক্ৰমে বগা এলবুমিনৰ তৰপ আৰু হালধীয়া কুহুমৰ তৰপ থাকে৷ কাচিৎ দুটা কুহুম নাইবা বিনা কুহুমৰো কণী ওলায়৷ সেয়া বিসংগতি৷

জলৰ বাহিৰে আমাৰ শৰীৰে আহৰণ কৰা আন খাদ্য তত্বসমূহক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ ১-মেক্ৰনিউট্ৰিয়েন্ট * প্ৰটিন, কাৰ্বোহাইড্ৰেট আৰু ফেট, ২- মাইক্ৰনিউট্ৰিয়েন্ট * ভিটামিন, মিনাৰেল আৰু ট্ৰেচ এলিমেন্টট৷ কণী হ’ল এনে এবিধ প্ৰাকৃতিক উপাদন য’ত এই সকলোবোৰ তত্ব থাকে৷ এতিয়া পৃথকে পৃথকে কণীৰ ভিন্ন ভিন্ন অংশত কি থাকে জানো আহক৷

কণীৰ বাহিৰৰ গোটা অংশটো অৰ্থাৎ খোলাটো কেলচিয়াম কাৰ্বনেটেৰে গঠিত৷ কুকুৰাৰ কণীতকৈ হাঁহৰ কণীৰ খোলা বেচি ডাঠ৷ গতিকে তুলনামূলকভাবে হাঁহৰ কণীৰ ভালে থকাৰ ম্যাদ বেছি৷ কণীৰ ভিতৰখন খাদ্য হিচাবে ব্যৱহাৰ হোৱাৰ পিছত খোলাটোৰে নানাবিধ ঘৰত সজোৱা বস্তু কলাসন্মতভাৱে তৈয়াৰ কৰিব পাৰি৷কণীৰ খোলাৰ ৰং বগাই হওক বা মুগাই হওক, তাৰ গুণগত মান একেই থাকে৷

কণীৰ জুলীয়া বগা অংশটোৰ ৯০ শতাংশ হ’ল পানী৷ এই জুলীয়াখিনি হ’ল ৰাসায়নিকভাবে এলকেলাইন৷ বাকী ১০শতাংশ প্ৰ’টিন হ’ল এটা কণীত থকা মুঠ প্ৰ’টিনৰ অৰ্ধেক৷ কণীত ৪০বিধ ভিন্ন ধৰণৰ প্ৰ’টিন থাকে৷কণীৰ এই প্ৰ’টিন হজম হ’বলৈ সময় লাগে৷ সেয়ে কণী খোৱাৰ পিছত আমাৰ উদৰ বেচ কিছু সময়লৈ পূৰ হৈ থকা যেন লাগে৷ গতিকে কণীয়ে আমাক অতি-ভোজনৰ (overeating) পৰা ৰক্ষা কৰে৷ কণীৰ এই বগা অংশত ফেট মুঠেই নাথাকে৷ কাৰ্বোহাইড্ৰেট থাকে এক শতাংশৰো কম ৷ এটা ৫০ গ্ৰামৰ কণীত এই বগা এলবুমিন অংশৰ ওজন হ’ব ৩৩ গ্ৰাম৷

এটা ৫০ গ্ৰামৰ কণীৰ হালধীয়া অংশটোৰ (কুহুমৰ) ওজন হ’ব ১৭ গ্ৰাম ৷ কণীৰ কুহুমৰ হালধীয়া বা ৰঙচুৱা বৰণটো লেচেথিন, জিয়াজেনথিন নাইবা জেনথোফাইলিন নামৰ তত্বৰ বাবে হয়৷ এই লেচিথিন নানাবিধ কছমেটিকত ব্যৱহৃত হয়৷ কুহুমত থাকে ফেট,কলেষ্টৰ’ল আৰু ফেট চলিবল ভিটামিনসমূহ (ডি, ই, কে, এ)৷এটা কণীত থকা ৮০ কেল’ৰিৰ ৬০ কেল’ৰি আহে কুহুমৰ পৰা আৰু ২০ কেল’ৰি আহে এলবুমিন অংশৰ পৰা৷

কণীৰ উপকাৰিতাসমূহ :

egg feat 1 | ASSAM TIMES POSTপ্ৰ’টিন আমাৰ মাংসপেশীৰ শ্ৰীবৃদ্ধিৰ বাবে লাগতিয়াল৷গৰ্ভৱতী মহিলাৰ ভ্ৰুণৰ বিকাশত কণী অতি উপকাৰী৷ কণীৰ এমাইন এচিডে শৰীৰৰ ষ্টেমিনা বঢ়ায়৷

আমেৰিকাৰ কেমিকেল ছ’চাইটীয়ে ২০১৩ চনতে এটা বিজ্ঞপ্তিযোগে জনাইছিল কণীৰ এলবুমিনত থকা এবিধ তত্ব ৰক্তচাপ কমোৱাত সহায়ক হয়- ঠিক কম পৰিমাণৰ কেপ্টপ্ৰিল নামৰ দৰৱৰ ক্ৰিয়াৰ নিচিনাকৈ৷গতিকে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত কণী সহায়ক বুলি সিদ্ধ হৈছে৷

কণীত ভিটামিন-এ থকা বাবে চকুৰ দৃষ্টিশক্তিৰ নানাধৰণেৰে সহায়ক হয়৷ভিটামিন-ডিয়ে হাঁড়, চুলি আৰু নখক উপকৃত কৰে৷ বেছিকৈ শালমন লোৱাৰ লোকৰ বাবেও কণী উপকাৰী বুলি জনা যায়৷
অ’মেগা ৩ ফেটি এচিডে স্বাস্থ্যৰ উপকাৰী এইচ ডি এল বৃ্দ্ধি কৰে৷
হাৰ্ভাৰ্ড স্কুল অব্ পাব্লিক হেল্থৰ অধ্যয়নমতে কণীত থকা কেৱলিন নামৰ তত্বই তেজ চলাচল সূচাৰুৰূপে ৰাখি ষ্ট্ৰক (stroke ) হোৱাত বাধা দিয়ে৷ এটা কণীত থাকে ৩০০ মাইক্ৰগ্ৰাম কেৱলিন৷

কণীত থকা ৱাটাৰ চলিবল ভিটামিন-বি গোটৰ কলিন শৰীৰৰ বাবে অত্যন্ত উপকাৰী সিদ্ধ হৈছে৷ কলিনে শৰীৰত হ’মচিষ্টিন নামৰ শৰীৰৰ বাবে ক্ষতিকাৰক তত্ববিধ সৃষ্টিত বাধা দিয়ে৷ হ’মচিষ্টিনৰ আধিক্যই আমাৰ শৰীৰৰ বিভিন্ন কোষৰ ইনফ্লেমেচন কৰি ক্ষতিসাধন কৰে৷

গতিকে কণীত থকা কলিন আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰক্তপ্ৰবাহী প্ৰণালীৰ বাবে সহায়ক৷ কণী খোৱা ৪৪ শতাংশ মহিলাই বক্ষৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা লভে৷ এটা কণীত থাকে ১০০ মাইক্ৰগ্ৰাম কলিন৷
কণীৰ ট্ৰেচ এলিমেন্টসমূহে শৰীৰ ইমিউনিটি অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷

এটা কণীৰ কুহুমত থাকে ১৮৬ মিলিগ্ৰাম কলেষ্টৰল৷ সাধাৰণতে মানৱ দেহক দৈনিক প্ৰয়োজন হোৱা ৩০০মিলিগ্ৰাম কলেষ্টৰল শৰীৰে নিজেই উৎপাদন কৰি লয়৷ শৰীৰক কলেষ্টৰলৰ প্ৰয়োজন হয় হৰমোন আৰু নানাবিধ এনজাইমৰ সৃষ্টিৰ বাবে৷

এতিয়া প্ৰশ্ন হয় আমি নিতৌ কেইটা কণী খোৱা উচিত ?

সৰ্বসাধাৰণ লোকে সপ্তাহত ৬টা কণী খোৱাটো ভাল৷ এই পৰিমাণত গোটা কণী খালেও শৰীৰত কলেষ্টৰল নাবাঢ়ে৷ অন্যথাই তেজৰ বেছি কলেষ্টৰল থকা লোকে কণীৰ বগা অংশটো নিৰ্ভয়ে খাব৷ খাদ্যত সঠিক পৰিমাণৰ কণীয়ে মেদবহুলতা নকৰে৷ মনত ৰাখিব এদিনত একেলগে ২টাৰ বেছি কণী খালে কিডনি আৰু লিভাৰৰ কষ্ট হয়৷ আগতে বিশেষজ্ঞসকলে হৃদৰোগীসকলক সপ্তাহত ২টা কণী খাবলৈ পৰামৰ্শ দিছিল এতিয়া সেই পৰিমাণ ৪টালৈ বঢ়োৱা হৈছে৷

কিডনি ভালে থকা ডায়েবেটিছৰ ৰোগীয়ে সপ্তাহত ৫টা কণী খাব পাৰে৷বহুতৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ একেলগে থাকে৷ তেনে লোকসকলে কণীৰ বগা অংশটো সপ্তাহত ৫ দিন খাব পাৰিব৷
যেহেতু কণীত বিশেষ পিউৰিন নাথাকে- তেজত বৰ্ধিত ইউৰিক এচিড থকা লোকেও কণী খাব পাৰে৷বৰঞ্চ কণীৰ অ’মেগা-৩ গাউট ৰোগীৰ বাবে লাভজনক৷ বাত ৰোগীৰ বাবে কণীত থকা ভিটামিন-ডি আৰু অ’মেগা-৩ দুয়োটাই লাগতিয়াল উপকাৰী তত্ব৷

সুখৰ বিষয় আজিকালি স্বাস্থ্যৰ বাবে কণীৰ উপযোগিতা বহুলাংশে জনসাধাৰণৰ জ্ঞাত হোৱাত এক শ্ৰেণীৰ নিৰামিষভোজী লোকেও কণীক সহজভাৱে খাদ্য-তালিকাত অন্তৰ্ভুক্ত কৰি লৈছে৷
কণী কেনেকৈ খোৱাটো বেছি স্বাস্থ্যসন্মত ?

কোনো কাৰণতে কেঁচা বা আধা সিজোৱা কণী খাব নালাগে৷ কণীত (বিশেষকৈ হাঁহৰ) চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়া থাকিব পাৰে- এই জীৱাণু ভালদৰে গৰম পালেই বিনষ্ট হয়৷
ৰুচি অনুসৰি মানুহে কণী সিদ্ধ বা বইল, প’চ, আমলেট নাইবা গুড়ি ভাজি ( আজিকালিৰ প্ৰচলিত শব্দ ‘ভূজিয়া’) কৰি খায়৷ কেক, পুডিং নাইবা কাষ্টাৰ্ড বনোৱাটো কণী ব্যৱহৃত হয়৷ কণীৰ ৰোল,কণীৰ চপ আৰু কণীৰ বিৰিয়ানি বহুতৰ প্ৰিয় খাদ্য৷ আলুৰ দমৰ লগত ভজা সিদ্ধ কণী বহুতে খাই ভালপায়৷ কিন্ত এই সকলোবোৰ বনোৱা পদ্ধতিৰ ভিতৰত সৰ্বোত্তম হ’ল সিদ্ধ কৰা কণী- য’ত কণীৰ গুণসমূহ সম্পূৰ্ণ অটুট থাকে৷ ঘিউ (অপকাৰী ট্ৰান্সফেট) বা তেল দি ভজাৰ লগে লগে কণীৰ গুণ হ্ৰাস পায়৷

কণীৰ ভাল বেয়া পৰীক্ষা কৰাৰ সহজ পদ্ধতি :

এটা পাত্ৰত লুনীয়া পানীত কণীটো দি চাওক৷ পানীত নুডুবি ওপঙা কণীটো বেয়া৷ ফ্ৰিজত কণী ৩ সপ্তাহলৈ ভালে থাকে৷ বেছি গৰম পৰিলে ফ্ৰিজৰ বাহিৰত থকা কণী ২৪ ঘণ্টাতে বেয়া হ’ব পাৰে৷ কণী সহজে বেয়া হয় আৰু দূষিত কণী শৰীৰৰ পাক প্ৰণালীৰ বাবে ক্ষতিকাৰক৷ কণী সেয়ে পৰাপক্ষত বাতানুকূলিত দোকানৰ পৰা কিনাটো ভাল৷উন্নত দেশসমূহৰ উৎপাদিত প্ৰতিটো কণীৰ ওপৰত বেচ নম্বৰ, উৎপাদনৰ তাৰিখ, ম্যাদ ওকলাৰ তাৰিখ আৰু প্ৰস্তুতকৰ্তাৰ নাম-মোহৰ মাৰি উল্লেখ কৰা থাকে৷

বইল কণীৰ বাকলি গুচোৱাৰ সহজ পদ্ধতি :

১) কণীকেইটা উতলোৱাৰ আগতে বেজীৰে সৰু ছিদ্ৰ একোটাকৈ কৰি দিয়ক৷

২) নাইবা সিদ্ধ কণীকেইটা ৫ মিনিট ঠাণ্ডা পানীত ডুবাই থব৷
কণীৰ প্ৰয়োগৰ বিষয়ে আমি নজনা কেইটিমান কথা :
প্ৰায় সকলোৱে জানে কণীৰে নানাবিধ সৌন্দৰ্য্যৰ উপাদান প্ৰসাধন, শ্বেম্পু আদি তৈয়াৰ হয়৷ ঘৰুৱাভাৱে আজিও মহিলাসকলে দৈ, জেতুকা, জবাফুলৰ পাত নাইবা নেমুৰ ৰস আদিৰ সৈতে কণী মিহলাই বা অকলে কণীৰ চুলিত প্ৰলেপ লগায়৷ কিন্ত আমোদৰ কথা বহুতবোৰ মদৰ উজ্জ্বলতা আহে মদত কণীৰ এলবুমিন মিহলোৱাৰ পিছতহে৷

ইনফ্লুৱেঞ্জা ভেকচিন বনাবলৈ কণীৰ এলবুমিনৰ ব্যৱহাৰ হয়৷ আহোম ৰজাসকলে কাৰেংঘৰ, তলাতল ঘৰৰ নিৰ্মাণত কণীৰ ব্যৱহাৰ কৰিছিল নেকি সেয়া বুৰঞ্জীবিদসকলে সঠিককৈ ক’ব পাৰিব৷এটা সময়ত বুক বাইণ্ডিঙত কিতাপৰ বেটুপাতত উজ্জ্বলতা আনিবলৈ কণী ব্যৱহাৰ কৰা হৈছিল৷হাঁহৰ কণী কুকুৰাৰ কণীতকৈ আকাৰত ডাঙৰ হোৱাত তাত প্ৰ’টিন, ফেট, কলেষ্টৰল, মিনাৰেল, ভিটামিন আৰু কেলৰিৰ পৰিমাণ অধিক৷

১০০ গ্ৰাম হাঁহৰ কণীত ১৮৫ কেলৰি থাকে৷হাঁহৰ কণীত চালমোনেলাৰ সম্ভাৱনা বেছি৷হাঁহৰ কণী খালে নানা পুৰণি বেমাৰে উক দিয়ে বুলি গ্ৰামাঞ্চলত এটা বিশ্বাস প্ৰচলিত আছে৷ এই কথাটোৰ সত্যতা নাই৷ মাত্ৰ ভালকৈ নিসিজা বা কেঁচা কণীৰ যোগেদি চালমোনেলাৰ সংক্ৰমণ হ’ব পাৰে৷ হাঁহৰ কণী কাৰোবাৰ বাবে এলাৰ্জিৰ কাৰকো হ’ব পাৰে৷লক্ষ্যণীয় কথাটো হ’ল- হাঁহৰ কণীত যিদৰে প্ৰ’টিন, ভিটামিন বেছি থাকে- একেদৰে কলেষ্টৰলো বেছি থাকে৷গতিকে যাৰ ইতিমধ্যে তেজত কলেষ্টৰলৰ আধিক্য তেওঁৰহে হাঁহৰ কণীয়ে অপকাৰ কৰিব৷ কণীৰ এলাৰ্জি কণীত থকা প্ৰ’টিনৰ বাবে কিছুমান মানুহৰ হ’ব পাৰে। এলাৰ্জিৰ লক্ষণ হিচাবে খজুৱতি, ছালত ডবৰা বন্ধা,হাপানি আদি দেখা দিব পাৰে৷ হাঁহৰ কণী ডাঙৰ, গতিকে তাত প্ৰ’টিনো বেছি আৰু এলাৰ্জিৰ সম্ভাৱনাও বেছি।

কণীৰ অপকাৰিতা :

সকলো খাদ্যৰে অতিমাত্ৰাই ক্ষতিকাৰক৷অনিয়ন্ত্ৰিতভাৱে কণী গ্ৰহণ কৰিলে হ’ব ডিচলিপিডেমিয়া, মেদবহুলতা, সন্তানহীনতা, ভৰিৰ বিষ আদি বিকাৰ৷
কিছুমান শিশু বা প্ৰাপ্তবয়স্কৰো হাঁহৰ নাইবা কুকুৰাৰ কণীৰ এলাৰ্জি, বদহজমী আদি দেখা যায়- তেনে লোকে সেইবিধ পৰিহাৰ কৰি চলাই মংগলজনক৷

এতিয়া চালমোনেলা বেক্টেৰিয়াৰ অপকাৰিতাৰ বিষয়ে দুআষাৰ যোগ দিওঁ৷

চালমোনেলা এন্টাৰাইটিডিচ বেক্টেৰিয়াৰ স্বাভাৱিক বসতিস্থল হ’ল সকলো চৰাইৰে পাক প্ৰণালী৷চৰাইৰ কণীৰ ভিতৰত এইবিধ বেক্টেৰিয়া থাকে৷কণী ফ্ৰিজত নথলে উষ্ণ বতৰত কণীৰ ভিতৰত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰে৷কিন্তু সিজালে বেক্টেৰিয়া সমুলঞ্চে নষ্ট হয় আৰু কণী খোৱাৰ বাবে এশ শতাংশ নিৰাপদ হৈ পৰে৷চালমোনেলা এন্টাৰাইটিডিচত আক্ৰান্ত হলে ৰোগীৰ হাগনি, জ্বৰ, বমি আৰু পেটৰ বিষ হয়৷ৰোগীৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া অৱস্থা হয়৷ শিশু আৰু বৃদ্ধলোকৰ ক্ষেত্ৰত ৰোগৰ লক্ষ্যণ সাধাৰণতে গুৰুতৰ হৈ দেখা দিয়ে৷
কণী কেনেকৈ চালমোনেলাৰ দ্বাৰা প্ৰদূষিত হয় ?

প্ৰথমতে চৰাইজনীৰ (হাঁহ বা কুকুৰা) বিষ্ঠা যদি কণীৰ খোলাত লাগে৷ কণীৰ খোলাত কেনেবাকৈ ফাঁক থাকিলে বেক্টেৰিয়াই কণীৰ ভিতৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আৰু বৃদ্ধি পায়৷ আকৌ তেনে দূষিত কণী স্পৰ্শ কৰা হাতেৰে খাদ্য পৰিবেশন কৰিলে মানুহৰ শৰীৰত চালমোনেলাৰ প্ৰৱেশ ঘটে৷ দ্বীতিয়তে বিজ্ঞানীসকলৰ এটা কথাত দ্বিমত নাই যে চৰাইৰ পেটত কণীৰ খোলাটো সৃষ্টি হোৱাৰ আগতেই চালমোনেলাই কণীৰ অন্তৰ্ভাগত থিতাপি ল’ব পাৰে৷ গতিকেই মানুহে কেঁচা বা আধা সিজা কণী ভক্ষণ কৰিব নালাগে৷

উপসংহাৰ :

মোখনিত ইমানেই কম যে আজিকালি আমাৰ বহুতৰ দৈনন্দিন ব্যৱহাৰৰ খাদ্য তালিকাত কণী থাকেই৷ বহুতে পুৱাটো আৰম্ভ কৰে কণীৰে৷শীতকালত কণীৰ উত্তাপে ঠাণ্ডাৰ অনুভৱ কমকৈ হ’বলৈ দিয়ে৷ গতিকে জাৰকালি দিনে ২৷ ৩টা কণী খোৱাটো ভাল বুলি ভাবে ৷ বহুতে এবাৰত কেইটা কণী ভক্ষণ কৰিব পাৰে তাৰ বাজি মাৰে৷ সৰু ল’ৰা-ছোৱালীক বহু অভিভাৱকে স্বাস্থ্যৰ উন্নতি হওক বুলি চলে-কৌশলে কণী খুৱায়৷

কিন্তু কিমান পৰিমাণত কণী শৰীৰৰ বাবে লাগতিয়াল সেই বিষয়ে অজ্ঞ৷ বলপূৰ্বক বেছিকৈ কণী খুউৱাৰ ফলত কম বয়সতে তেজত কলেষ্টৰল বঢ়াৰ উদাহৰণ দেখা যায়৷ আৰু বহুত কথাই হয়তো লিখিবলৈ থাকি গ’ল, তথাপিও এই লিখনিটোৰ উদ্দেশ্য পাঠকক কণীৰ বিষয়ে এক সম্যক আভাষ দিয়াৰ প্ৰয়াস৷

বিঃদ্ৰঃ বিশিষ্ট মানৱদৰদী চিকিৎসক তথা লেখক ডাঃ ভূপেন কুমাৰ শইকীয়াৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে৷ এই লেখাটো মৃত্যুৰ পূৰ্বে সংগৃহীত লেখকৰ

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx