![]()
নিউজ ডেস্কঃ
অৱশেষত অচলাৱস্থা দূৰ হ’ল পঞ্জাব কংগ্রেছত। কিছু হ’লেও বিবাদ আঁতৰিল দুই শীৰ্ষ মুখৰ। মুখ্যমন্ত্রী পদতে থাকিব অমৰিন্দৰ সিং। অহা বছৰ বিধানসভা নির্বাচনতো তেৱেঁই হ’ব মুখ্যমন্ত্রী পদপ্রার্থী। খবৰ মতে, নভজ্যোৎ সিং সিদ্ধুক দিয়া হৈছে ৰাজ্যি কংগ্রেছৰ দায়িত্ব। নিৰ্বাচনৰ সন্মুখত দলৰ সংগঠনৰ কাম তেৱেঁই চম্ভালিব। সূত্রত এই কথাও প্ৰকাশ যে অমৰিন্দৰ আৰু সিদ্ধুৰ সমস্যাৰ সমাধান সূত্র উলিয়াইছে প্রশান্ত কিশোৰেই। সপ্তাহৰ আৰম্ভণিতে তেওঁ ছোনিয়া, ৰাহুল আৰু প্রিয়ঙ্কাৰ সৈতে বৈঠকত মিসিত হয়। সম্ভৱত তাতেই এই কৌশল উলিওৱা হৈছে। পঞ্জাব অমৰিন্দৰৰ নিৰ্বাচনী প্রচাৰৰ দায়িত্বতো আছে পিকেৰ সংস্থা।
বৰ্তমান পঞ্জাব কংগ্রেছৰ সভাপতি সুনীল জাক্কাৰ। তেওঁৰ স্থানতেই সভাপতিৰ আসনত বহিবলৈ আগবাঢ়িছে সিদ্ধু। কেৱল তেৱেঁই অকল নহয়, লগতে দলত দুজন কাৰ্যকৰী সভাপতিও নিয়োগ কৰা হ’ব। এই পদত সম্ভৱত থাকিব এজন হিন্দু আৰু এজন দলিত কংগ্রেছ নেতা। দলৰ লগে লগে পঞ্জাবৰ মন্ত্রীসভাতো সালসলনি কৰা হ’ব বুলি খবৰ। চৰণজিৎ চান্নি, গুৰপ্রীত কাঙ্গাৰৰ মন্ত্রিত্ব যাব পাৰে। ইয়াৰ সলনি অধ্যক্ষ ৰাণা কে পি সিং, দলিত নেতা ৰাজ কুমাৰ ভার্কাই উক্ত পদ পাব পাৰে।











