![]()
নিউজ ডেস্কঃ
এগৰাকী ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে যি ঘটিল, সেয়া মর্মান্তিক। ওঁঠ চিলাই কৰি ৰে’ললাইনত পেলাই থলে সতীয়া পুত্ৰই। স্থানীয় লোকসকলে দেখা পাই আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতেই উদ্ধাৰ কৰা হয় বৃদ্ধগৰাকীক। ঝাড়খণ্ডৰ পালামৌ জিলাৰ ভিটিহাৰা গাঁৱৰ ঘটনা এয়া।
বৃদ্ধজনৰ নাম ভোলা ৰাম। তেওঁ জনোৱা মতে, মঙ্গলবাৰে নিশা শৌচ কৰিবলৈ ঘৰৰ বাহিৰলৈ গৈছিল তেওঁ। তেতিয়াই তেওঁক ধৰি বান্ধে সতীয়া পুত্ৰই। লগত আৰু ২জনো আছিল। তিনিজনে মিলি বৃদ্ধৰ ওঁঠত সূতাৰে চিলাই কৰে। ইয়াৰ পিছত তেওঁক ওচৰৰ ৰে’ললাইনত বান্ধি থৈ তেওঁলোক তাৰ পৰা পলাই যায়।
পিছদিনা পুৱা গাঁওবাসীয়ে ভোলাক তাত পৰি থকা দেখি থানাত খবৰ দিয়ে। আৰক্ষী আহি ভোলাক উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰায়। তাতেই তেওঁৰ ওঁঠৰ চিলাই খোলা হয়।
উল্লেখ্য, ভোলাৰ প্রথম পত্নীৰ মৃত্যুৰ পিছত ২০১০ চনত দ্বিতীয়গৰাকী বিয়া কৰায়। তেতিয়াৰে পৰাই পাৰিবাৰিক সংঘাত আৰম্ভ হয়। বৃদ্ধক প্রায়েই নির্যাতন চলায় তেওঁৰ সতীয়া পুত্ৰই। ভোলাৰ অভিযোগ, ইয়াৰ নেপথ্যত তেওঁৰ দ্বিতীয় পত্নীও আছে।











