![]()
নিউজ ডেস্কঃ
ব্রিটিছ যুগত প্ৰৱৰ্তন হোৱা ৰাষ্ট্রদ্রোহ আইনৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় প্ৰয়োজন আছে? বৃহস্পতিবাৰে এই প্রশ্ন উত্থাপন কৰিলে ছুপ্রিম কোর্টে। লগতে ক’লে, কোনো প্রতিষ্ঠানৰ কাম কৰাৰ বিৰুদ্ধে বৃহৎ ভাবুকি হ’ব পাৰে এই আইন। ইয়াৰ মাজতেই লুকাই আছে ‘ভয়ঙ্কৰ এক শক্তি’, যাৰ অপব্যৱহাৰ হ’ব পাৰে। এই আশঙ্কা দেশৰ শীর্ষ আদালতৰ।
প্রধান ন্যায়াধীশ এনভি ৰামানাই আজি এই সন্দৰ্ভত প্রশ্ন তোলে, ‘ৰাষ্ট্রদ্রোহৰ আইন ঔপনিবেশিক যুগৰ। স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় এই আইনৰ প্রয়োজন আছে?’ উচ্চ আদালতে লগতে এই প্রশ্নও উত্থাপন কৰিলে যে যিটো সময়ত কেন্দ্রই বহু পুৰণি আইন বাতিল কৰিছে, তেনে ক্ষেত্ৰত এই আইনখন সন্দৰ্ভত চিন্তা-চৰ্চা কৰা নাই কিয়?’ কেন্দ্রৰ হৈ এটর্নি জেনেৰেল কেকে বেণুগোপালে অৱশ্যে পৰামর্শ দিয়ে, আইনখন বাতিলৰ প্রয়োজন নাই। নতুন নির্দেশনা আনি আইনী উদ্দেশ্য পূৰণ কৰিব পৰা যাব পাৰি।
তিনিগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে আজি ভাৰতীয় দণ্ডবিধিৰ এই ১২৪এ ধাৰা সন্দৰ্ভত কয়, ‘এই আইনৰ ভয়ঙ্কৰ অপব্যৱহাৰ হয়।’ এই প্রসঙ্গত এটি উদাহৰণ দাঙি ধৰি বিচাৰপীঠে কয় যে এজন কাঠকটীয়াক কুঠাৰ দিয়া হৈছিল কাঠ কটাৰ বাবে। কিন্তু তাৰে তেওঁ গোটেই বনে কাটি পেলালে। ৰাষ্ট্রদ্রোহ আইনৰ ব্যৱহাৰো বহুখিনি তেনেদৰেই হৈ আছে। বিচাৰপীঠৰ লগতে সংযোগ, ‘কোনো গাঁৱত কোনো আৰক্ষী বিষয়াই কাৰোবাক শাস্তি দিব বিচাৰিলে ১২৪এ ধাৰাৰ ব্যৱহাৰ কৰে। মানুহে ভয় খাই যায়।’
শীর্ষ আদালতে স্পষ্টভাবে কয় যে এই আইনে বাক স্বাধীনতা, ভাব প্রকাশৰ স্বাধীনতা খর্ব কৰে। এইখন এখন ঔপনিবেশিক আইন। ইয়াৰ দ্বাৰা ব্রিটিছে মহাত্মা গান্ধী আৰু স্বাধীনতা সংগ্রামৰ কণ্ঠৰোধৰ চেষ্টা কৰিছিল। উল্লেখ্য, এই আইন বাতিলৰ বাবে বহুদিন ধৰি বহু আবেদন জমা হৈ আছে ছুপ্রিম কোর্টত। সেইবোৰৰ একেলগে শুনানি ল’ব বিচাৰে উচ্চতম আদালতখনে।











