![]()
নিউজ ডেস্কঃ
স্বামীৰ সৈতে কাজিয়া। তাৰ পিছত ১০ মহলীয়া ফ্লেটৰ পৰা জাঁপ দিবলৈ উদ্যত হৈছিল এগৰাকী মহিলা। কিন্তু স্বামীয়ে তেওঁৰ হাতত ধৰি ৰাখে। এনেদৰে কিছু সময় ৰেলিঙত ওলমি আছিল মহিলাগৰাকী। কিন্তু হঠাৎ স্বামীৰ হাত এৰাই যায়। লগে লগে ১০ মহলাৰ পৰা তলত পৰে মহিলাগৰাকী। মঙ্গলবাৰৰ ঘটনাটি ঘটিছে গাজিয়াবাদৰ বিজয়নগৰত।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জনাইছে, ছেভিঅ’ৰ ছচাইটী নামৰ বহুমহলীয়া অট্টালিকাটোৰ ১০ মহলাত ৯০৩ নম্বৰ ফ্লেটত থাকে ফাৰাজ হাচান আৰু তেওঁৰ পত্নী চাদিয়া। মঙ্গলবাৰে সন্দিয়া তেওঁলোকৰ মাজত কাজিয়া হয়। সেই সময়তেই দৰ্জা খুলি ৰেলিঙৰ দিশে দৌৰি আহে চাদিয়া। কিন্তু জাঁপ মৰাৰ আগতেই হাচানে তেওঁৰ হাতত ধৰি পেলায়।
এনেদৰেই বহু সময় আছিল তেওঁলোক। যাক দেখি স্থানীয় লোকসকলে মাটিত এটি গাদী পাৰি দিয়ে। পত্নীক টানি উঠাবলৈ যাওঁতে হাত পিছলি যায় হাচানৰ। ১০ মহলাৰ পৰা মাটিত পৰে চাদিয়া। অৱশ্যে গাদীত পৰাৰ বাবে প্রাণ বাচিলেও গুৰুতৰভাৱে আহত অৱস্থাত তেওঁক নয়ডাৰ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি কৰোৱা হয়।
ঘটনাটোৰ ভিডিও কৰিছিল ফ্লেটটোৰে কোনোবা আবাসীয়ে। যিটো এতিয়া ভাইৰেল।











