![]()
নিউজ ডেস্কঃ
সুৰাপ্রেমীৰ দৰে সুৰাৰ সোমাই নির্দিষ্ট স্থানৰ পৰা সুৰাৰ বটল লৈ ঢোকঢোককৈ মদ্যপান আৰম্ভ কৰিলে এটি বান্দৰে। সুৰাপ্রেমী বান্দৰৰ এই ভিডিও এতিয়া ইণ্টাৰনেটত ভাইৰেল। ঘটনাটি ঘটিছে মধ্যপ্রদেশৰ মণ্ডলা জিলাৰ।
https://twitter.com/i/status/1415340792311279617
ভিডিওটিত দেখা গৈছে, সুৰাৰ দোকানত প্ৰৱেশ কৰি নির্দিষ্ট স্থানৰ পৰা এটি মদৰ বটল তুলি লৈছে। ইয়াৰ পিছত বটলৰ সাফৰ নিজেই দাঁতেৰে খুলি মদ্যপান আৰম্ভ কৰে। লাহে লাহে আমেজত কৰা বান্দৰটোৰ মদ্যপানৰ দৃশ্য চাবলগীয়া! সুৰাৰ দোকানৰ মালিকে এখন বিস্কুট দিয়ে যদিও সেইফালে কোনা ভ্রূক্ষেপ নকৰাকৈ মদৰ আমেজ লোৱাতেই ব্যস্ত থাকে বান্দৰটো।
এই ঘটনা চাই দোকানৰ বাহিৰত উপস্থিত থকা বহুতেই ভিডিও কৰে। তেওঁলোকৰ মাজৰেই এজনৰ মতে, সম্প্রতি দোকানখনৰ বাহিৰত কেই ফোঁটামান মদ মাটিত পৰিছিল। বান্দৰটোৱে সেয়া চেলেকি খায়। তাৰ পিছৰ পৰাই প্রতিদিনেই দোকানখনৰ ওচৰত ঘূৰা-ঘূৰি কৰিছিল। সুবিধা পাই এইবাৰ একেবাৰে দোকানৰ ভিতৰতে প্ৰৱেশ কৰি খুলি ল’লে মদৰ বটল৷











