![]()
নিউজ ডেস্কঃ
দেশৰ সকলো ৰাজ্য চৰকাৰলৈ কঠোৰ বাৰ্তাৰে পত্ৰ প্ৰেৰণ কেন্দ্রৰ। পত্ৰত কেন্দ্রীয় গৃহ মন্ত্রালয়ে স্পষ্টকৈ জনাইছে, দেশজুৰি সংক্রমণ কমিলেও দ্বিতীয় ঢৌ এতিয়াও শাম কটা নাই। গতিকে তেনে সময়ত মনত কোনো ধৰণৰ আত্মসন্তুষ্টি ল’লে নহ’ব। বাধা-নিষেধ শিথিল কৰাৰ সময়ত সকলো বিষয় মনত ৰাখি অতি সচেতনভাবে সেয়া পালন কৰিব লাগিব।
দেশৰ বিভিন্ন প্রান্তৰ পৰা সম্প্ৰতি কোভিড বিধি উলঙ্ঘনৰ যি ছবি প্রকাশ্যে আহিছে, তাক লৈ উদ্বেগ প্রকাশ কৰি কেন্দ্র আৰু ৰাজ্যৰ ওচৰত অধিক কঠোৰ পদক্ষেপৰ আবেদন জনাইছিল ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে (আইএমএ)। তাৰ পিছতেই ৰাজ্যবোৰক কঠোৰ পত্ৰ দিলে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ মুখ্য সচিব অজয় ভাল্লাই। কেন্দ্রৰ তৰফৰ পৰা কোৱা হৈছে, দোকান-পোহাৰ, বজাৰ, মল, ৰেস্তোৰাঁ, বাছ আস্থান, ষ্টেচনৰ দৰে যিবোৰ স্থানত জনসমাগম বেছি, তাত কোভিড বিধি বজায় ৰখাৰ বিষয়টি গুৰুত্ব সহকাৰে চাব লাগিব সংশ্লিষ্ট কর্তৃপক্ষই। বাধা-নিষেধ উলঙ্ঘন হ’লে দোষী হ’ব দায়িত্বত থকা বিষয়াসকল। তাৰ লগতে যিসকলে নিয়ম অমান্য কৰিব, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপৰ নির্দেশ দিছে কেন্দ্রই।
লগতে পৰীক্ষা-চিনাক্তকৰণ-চিকিৎসা-কোভিডবিধি— এই পাঁচস্তৰীয় নীতি মানিয়েই অতিমাৰি পৰিস্থিতি নিয়ন্ত্রণৰ পৰামর্শ দিছে কেন্দ্রই। কোভিড বিধি নিশ্চিত কৰাৰ লগতে টীকাকৰণতো যাতে বিশেষ গুৰুত্ব দিয়া হয়, তাকো জনাই দিয়া হৈছে।











