নিউজ ডেস্কঃ
৮ কোটি টকীয়া ৰোলস ৰয়েছ গাড়ীত উঠি ফুৰে তেওঁ। উক্ত শিৱসেনা নেতা তথা এজন ব্যৱসায়ীৰ বিৰুদ্ধেই উঠিল বিদ্যুৎ চুৰিৰ অভিযোগ। তাকো এহাজাৰ বা দুহাজাৰ নহয়, ৩৫ হাজাৰ টকাৰ বিদ্যুৎ চুৰি! ঘটনাটি মুম্বাইৰ কল্যাণ এলেকাৰ।
অভিযুক্তৰ নাম সঞ্জয় গায়কোৱাড়। তেওঁৰ বিৰুদ্ধে মহাৰাষ্ট্র ৰাজ্যিক বিদ্যুৎ আবন্টন সংস্থাই চুৰিৰ অভিযোগ দাখিল কৰিছে। গোপন সূত্রত খবৰ লাভ কৰি কল্যাণৰ কোলছেৱাড়িত গায়কোৱাড়ৰ এটি নির্মাণস্থলীলৈ অভিযানত গৈছিল বিদ্যুৎ বিভাগৰ এটি দল। তেতিয়াই চুৰিৰ বিষয়টি পোহৰলৈ আহে বুলি আৰক্ষীয়ে জনাইছে।
ইয়াৰ পিছতেই গায়কোৱাড়লৈ ৩৪ হাজাৰ ৮৪০ টকাৰ বিল পঠায় বিদ্যুৎ বিভাগে। লগতে ১৫ হাজাৰ টকা জৰিমনাও বিহা হয় তেওঁক। অভিযোগ, গায়কোৱাড়ে উক্ত টকা পৰিশোধ কৰা নাই। তাৰ পিছতেই বিদ্যুৎ বিভাগে গায়কোৱাড়ৰ নামত মহাত্মা ফুলে থানাত অভিযোগ দাখিল কৰে।
বিদ্যুৎ বিভাগৰ মুখপাত্র বিজয় সিঙে জনোৱা মতে, আৰক্ষীত অভিযোগ দাখিলৰ পিছতেই সম্পূৰ্ণ টকা পৰিশোধ কৰে গায়কোৱাড়ে। অৱশ্যে গায়কোৱাড়ৰ দাবী, বিদ্যুৎ বিভাগে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ তুলিছে।