![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ বন্ধ হৈ থকা বর্ধিত ডিএ পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত ল’লে কেন্দ্রই। বুধবাৰে এই বিষয়ত মন্ত্রীসভাৰ বৈঠকৰ পিছত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে ঘোষণা কৰে, কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ ডিএ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ সিদ্ধান্তত অনুমোদন দিয়া হৈছে আৰু সেয়া কার্যকৰী হ’ব ১ জুলাইৰ পৰা।
উল্লেখ্য, বর্তমান ১৭ শতাংশ ডিএ লাভ কৰে কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলে। যোৱা বছৰ জানুৱাৰী মাহত সেয়া ৪ শতাংশ, জুনত ৩ শতাংশ আৰু চলিত বছৰৰ জানুৱাৰীত আৰু ৪ শতাংশ বৃদ্ধি কৰা হ’লেও বর্ধিত পৰিমাণ লাভ কৰা নাছিল কর্মচাৰীসকলে। কাৰণ কোভিড পৰিস্থিতিত সাময়িকভাবে বর্ধিত ডিএ দিয়াটো বন্ধ ৰখাৰ সিদ্ধান্ত লৈছিল কেন্দ্রই। কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেঞ্চনাৰসকলে জুলাইৰ পৰা সকলো মিলাই ২৮ শতাংশ (১৭+৪+৩+৪) ডিএ লাভ কৰিব।
সকলো মিলাই ৫২ লাখ কর্মচাৰী আৰু পেঞ্চনাৰ উপকৃত হ’ব কেন্দ্রৰ এই সিদ্ধান্তত।











