![]()
নিউজ ডেস্কঃ
আন্তর্জাতিক তাৰকা, সর্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰসকলৰ ভিতৰত এজন লিঅ’নেল মেছি এতিয়া মুর্শিদাবাদৰ এটি বিড়ি কোম্পানীৰ প্রধান মুখ! এই ছবি ভাইৰেল হ’ল টুইটাৰত।
বিড়িৰ পেকেটত ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ মুখ পূ্ৰ্বতেই ব্যৱহাৰ হৈছিল। এইবাৰ আহিল মেছিও। মুর্শিদাবাদৰ ধুলিয়ান জিলাৰ এটি বিড়ি প্রস্তুতকাৰী কোম্পানীয়ে তেওঁলোকৰ পেকেটত ব্যৱহাৰ কৰিছে মেছিৰ নাম আৰু ছবি। ৰোনাল্ডো বিড়িও উৎপাদন হৈছিল মুর্শিদাবাদতে। উক্ত ছবি টুইটাৰত দেখাৰ লগে লগে এজন ৰসিক নেটিজেনে কয়, ‘ভাৰতত এইটোৱে মেছিৰ প্রথম বিজ্ঞাপন।’ কোনোৱে আকৌ লিখে, ‘কোপা-আমেৰিকা জয়ী হৈয়েই বিজ্ঞাপন পাই গ’ল মেছিয়ে। সাংঘাতিক সাফল্য।’
কোনো কোনোৱে আকৌ প্রশ্ন কৰিছে, ‘মেছিয়ে জানেনে?’ এজনে লিখিছে, ‘ভাৰততেই এনে কাণ্ড সম্ভৱ।’











