স্বাস্থ্য প্ৰতিবেদন:
দৈনিক ঘণ্টাৰ পিছত ঘণ্টা ধৰি জিম কৰি ওজন কমোৱাৰ সলনি ঘৰতেতে যদি ‘জাম্পিং জেক’ কৰি ওজন কমোৱা হয়, তেনেহ’লে আৰু কি লাগে! এই ব্যায়াম কৰিবলৈ সমগ্ৰ শৰীৰকে কামত লগাবলগা হয়৷ ফলত উপকাৰ পোৱা যায় অতি সহজেই।
কেনেদৰে কৰিব?
ভৰি দুটা মেলি পোন হৈ থিয় হৈ থাকক। হাত দুখন ৰাখক মূৰৰ ওপৰত। এনে অৱস্থাতেই জঁপিয়াব লাগিব। জঁপিওৱাৰ সময়ত দুয়োখন হাত আৰু দুয়োখন ভৰিৰ মাজত দূৰত্ব কমি ওচৰাওচৰি হ’ব। বহুতে ছন্দ মিলাবলৈ হাত তালিও বজায়।
কেনে ধৰণৰ উপকাৰ পাব?
কেলোৰি বাৰ্ন কৰাত সহায় কৰে এই কার্ডিও ব্যায়ামে। জাম্পিং জেক কৰাৰ সময়ত হৃদস্পন্দন দ্রুততাৰে বৃদ্ধি পায়, ওজন কমোৱাৰ বাবে যিটো প্ৰয়োজন। শৰীৰৰ প্রতিটো পেশী ব্যৱহৃত হয় এই ব্যায়ামৰ সময়ত। কার্ডিও কৰাৰ সময় প্রথমে গাটো গৰম কৰিও ল’ব পাৰে। শৰীৰত সুদূৰপ্রসাৰী প্রভাৱ পেলায় এই ব্যায়ামে। শৰীৰৰ প্রতিটো গাঁথিকে শক্তিশালী কৰি তুলিবলৈ এই ব্যায়ামৰ তুলনা নাই।
কিমানবাৰ কৰিব?
প্রতিদিনৰ শৰীৰচর্চাত কার্ডিও আৰু স্ট্রেংথ ট্রেইনিঙৰ এক ভাৰসাম্য হিচাবে এই জাম্পিং জেক কৰক। গোটেই দিনটো সৰু সৰু ভাগত ভাগ কৰিও এইটো কৰিব পাৰে। ভাল ফল পাবলৈ প্রতিদিনৰ তালিকাত ৰাখক পুষ্টিকৰ খাদ্য। প্রথম প্রথম যিসকলে এই ব্যায়াম কৰিব, তেওঁলোকে ১০টা ছেট জাম্পিং জেক কৰিব পাৰে। অৱশ্যে বিশেষজ্ঞসকলৰ মতে, প্রতিদিনে ২৫টা ছেটকৈ জাম্পিং জেক কৰিলে উপকাৰ পোৱা যায়।