![]()
নিউজ ডেস্কঃ
মাত্র ১৪ বছৰ বয়সত তালিবানৰ হাতত গুলীবিদ্ধ হ’বলগা হৈছিল। কিন্তু তথাপি তেওঁৰ হাৰ নমনা মানসিকতাৰ বাবেই সমগ্ৰ বিশ্বৰ সম্ভ্রম আদায় কৰিবলৈ সক্ষম হৈছে মালালা ইউচুফজাইয়ে। লাভ কৰিছে নোবেল বঁটাও। কিন্তু এইবাৰ তেওঁৰ বিৰোধিতা কৰিয়েই নিৰ্মাণ হ’ল এখন তথ্যচিত্র। যাৰ নাম দিয়া হৈছে, ‘আই এম নট মালালা’। আৰু এই তথ্যচিত্রখন নিৰ্মাণ কৰিছে তেওঁৰেই জন্মভূমি পাকিস্তানে। দেশখনৰ ‘অল পাকিস্তান প্রাইভেট স্কুলছ এছোচিয়েচনে’ সোমবাৰে প্রকাশ কৰিছে তথ্যচিত্রখন। তাত মালালাৰ ইছলাম আৰু বিয়া সম্পর্কীয় মতামত আৰু তেওঁৰ পশ্চিমীয়া ধ্যান-ধাৰণাৰ প্রচাৰ কৰাক লক্ষ্য কৰি কঠোৰ সমালোচনা কৰা হৈছে।
তথ্যচিত্রখন নিৰ্মাণ কৰা সংস্থাটোৰ সভাপতি কাচিফ মির্জাই কয়, ‘আই এম নট মালালা’ তথ্যচিত্রৰ সহায়ত আমাৰ দেশৰ ২ লাখ বেচৰকাৰী স্কুলৰ ২ কোটি শিক্ষাৰ্থীক মালালাৰ ইছলাম, বিয়া আৰু পশ্চিমীয়া এজেন্ডাক লৈ বিতর্কিত মতামত সম্পর্কে জনাব বিচৰা হৈছে।’ তেওঁ কয়, ‘দেশৰ তৰুণ প্ৰজন্মৰ আগত আমি মালালাৰ মুখা খুলি দিব বিচাৰো। যাতে তেওঁ তেওঁৰ উক্ত তথাকথিত মহিলাসকলৰ অধিকাৰ আদায় কৰাৰ সংগ্রামৰ কাহিনী শুনাই তেওঁলোকক প্রভাৱিত কৰিব নোৱাৰে।’
উল্লেখ্য, কিছুদিন পূৰ্বে বিখ্যাত ‘ভোগ’ পত্রিকাত মালালাৰ এক সাক্ষাৎকাৰ ছপা হৈছিল। তাতেই এই বিষয়বোৰৰ কথা কৈছিল তেওঁ। প্রধানকৈ বিয়া প্রসঙ্গত মালালাই যিবোৰ কথা কৈছিল, তাকে লৈ নানা প্রতিক্রিয়া দেখা গৈছিল। সেই মতকে ‘ইছলাম বিৰোধী’ বুলিও আক্রমণ কৰিছে মির্জাই।
মালালাৰ নোবেল বঁটা পোৱা কিম্বা তছলিমা নাছৰিনৰ সৈতে তেওঁৰ ফটো তোলাকো নিন্দা কৰিছে মির্জাই। এই সকলো সমালোচনাই এই তথ্যচিত্রৰ বিষয় বুলি জনা গৈছে।











