![]()
নিউজ ডেস্কঃ
ইৰাকৰ এখন কৰোনা হস্পিটেলত থকা অক্সিজেন টেংকিত বিস্ফোৰণ ঘটি মৃত্যু হৈছে প্ৰায় ৫০ জনৰ। ইয়াৰ উপৰি আক্ৰান্ত হৈছে বহু লোক। সোমবাৰে ঘটনাটি ঘটে ইৰাকৰ নাছিৰিয়া চহৰত।
অক্সিজেন চিলিণ্ডাৰত জুই লগাৰ ফলতেই হস্পিটেল চৌহদত ক’লা ধোঁৱাৰে ভৰি পৰে। লগে লগে আৰম্ভ হয় উদ্ধাৰ কাৰ্য। অৱশ্যে উদ্ধাৰৰ পূৰ্বেই হস্পিটেলত ভর্তি বহু ৰোগীৰ মৃত্যু হয়। জানিব পৰা মতে, তিনি মাহ পূৰ্বে ৭০খন বিছনাৰে উক্ত হস্পিটেলখন মুকলি কৰা হৈছিল কোভিড ৰোগীৰ বাবে। স্থানীয় সংবাদ মাধ্যমৰ সূত্রে জানিব পৰা মতে, জুই লগাৰ সময়ত ৱার্ডটোত ৬৩ জন ৰোগী আছিল।
নাছিৰিয়াৰ এজন স্বাস্থ্য বিষয়াৰ মতে, জুই লগাৰ সময়ত ওচৰ-পাজৰ অঞ্চলত ঘন ধোঁৱাৰে ভৰি গৈছিল, যাৰ বাবে উদ্ধাৰ কাৰ্য চলোৱাত সমস্যাত পৰিবলগা হয়। ঘটনাৰ পিছতেই বিষয়টি সন্দৰ্ভত জৰুৰী বৈঠকত বহে ইৰাকৰ প্রধানমন্ত্রী মুস্তাফা আল-কাদহিমি। নাছিৰিয়াৰ কেইবাজনো চৰকাৰী বিষয়াক তেওঁ বৰ্খাস্ত কৰাৰো নির্দেশ দিয়ে।











