![]()
নিউজ ডেস্কঃ
তিনিখন কৃষি আইন প্রত্যাহাৰৰ দাবীত এতিয়াও অটল কৃষকসকল। বৰ্ষাকালীন অধিবেশনৰ সময়ত সংসদৰ বাহিৰত প্রতিবাদত বহিব ৪০টা কৃষক সংগঠনৰ সদস্যসকলে। তাৰ বাবে এতিয়াৰ পৰাই পঞ্জাবৰ বিভিন্ন গাঁৱৰ পৰা দিল্লীৰ উদ্দেশ্যে ৰাওনা হৈছে আন্দোলনকাৰীসকল। এক বিবৃতিত এই কথা জনালে সংযুক্ত কিষাণ মর্চাই।
২২ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ’ব। সিদিনাৰ পৰাই অধিবেশন চলি থকালৈকে দৈনিক ২০০ জন কৃষকে ধৰ্ণা দিব সংসদ ভৱনৰ বাহিৰত। ৪০টা সংগঠনৰ প্রত্যেকটোৰ পৰা প্রতিদিনে ৫ জনকৈ সদস্যই ধৰ্ণা দিব।
সংযুক্ত কিষাণ মর্চাই এক বিবৃতিত জনাইছে, ইতিমধ্যে পঞ্জাবৰ ভাতিণ্ডা, মানসা, লুধিয়ানা, সাঙ্গৰুৰ, বার্নালা, ৰোপাৰ, ফাজিলকা, ফৰিদকোটৰ পৰা কৃষকসকল দিল্লীৰ উদ্দেশ্যে ৰাওনা হৈছে। ১৭ জুলাইৰ ভিতৰত বিৰোধী দলবোৰক পত্ৰ দিয়া হ’ব, যাতে তেওঁলোকে সংসদত দৈনিক কৃষকসকলৰ অধিকাৰক লৈ সৰৱ হয়। লগতে পাঞ্জাবী বিজেপি নেতৃত্বৰ বিৰুদ্ধে আন্দোলনো চলিব।











