![]()
নিউজ ডেস্কঃ
ফ্ৰান্সৰ বাণিজ্যিক প্রতিযোগিতা নিয়ন্ত্রক সংস্থাই (কম্পিটিচন ৰেগুলেটৰ্ছ) ৫০ কোটি ইউৰো জৰিমনা ভৰালে গুগলক৷ মঙলবাৰে ঘোষণা কৰা মতে, বাতৰিৰ স্বত্বৰ নিয়ম ভঙাৰ বাবেই এই জৰিমনা ভৰিব লাগিব গুগলে। ভাৰতীয় মুদ্রাত যাৰ মূল্য ৪ হাজাৰ কোটিৰো অধিক। ইউৰোপীয় ইউনিয়নৰ নির্দিষ্ট স্বত্ব আইন অনুসৰি গুগলে বিভিন্ন সংবাদ সংস্থাৰ সৈতে নিৰ্ভৰযোগ্য বাণিজ্য নীতি বজায় ৰাখিব নোৱাৰাৰ বাবেই এই জৰিমনা বুলি জনোৱা হৈছে।
উল্লেখ্য, ইয়াৰ পূৰ্বে ইমান বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ নজীৰ বিশ্বত নাই। লগতে কোৱা হৈছে যে বর্তমান বিভিন্ন সংবাদ সংস্থাৰ যিবোৰ বাতৰি গুগলৰ ছার্চ ইঞ্জিনত দেখুৱাইছে, তাৰ বাবেও নির্দিষ্ট পৰিমাণৰ ধন দিব লাগিব। নহ’লে দৈনিক ৯০ হাজাৰ ইউৰোকৈ জৰিমনা দিব লাগিব পাৰে।
উক্ত ৰায়ত হতাশাত ভুগিছে গুগল। গুগলে জনোৱা মতে, সমগ্ৰ প্রক্রিয়া চলি থকাৰ সময়ত তেওঁলোকে বিশ্বাসযোগ্য বাণিজ্যিক সম্পর্ক বৰ্তাই ৰাখিছিল।
উল্লেখ্য যে দীর্ঘ দিন ধৰি এই বিষয়টোত বিভিন্ন সংবাদ প্রকাশক সংস্থা আৰু গুগলৰ মাজত গোচৰ চলে। সংস্থাগুবোৰৰ দাবী আছিল, গুগল ছার্চ ইঞ্জিনত দেখুওৱা বিভিন্ন বাতৰি, ফটো, ভিডিঅ’ আদি প্ৰকৃততে অন্য প্রকাশক বা প্রযোজক সংস্থাৰ দ্বাৰা তৈয়াৰী। কিন্তু তাৰ বাবে নিৰ্দিষ্ট প্ৰকাশক বা প্ৰযোজক সংস্থাবোৰক কোনো ধন প্রদান কৰা হোৱা নাই। অনলাইন বাণিজ্যৰ ক্ষেত্রত যিটো সঠিক নহয়। অৱশ্যে গুগলে এই কথা খণ্ডন কৰি কয় যে ছার্চ ইঞ্জিনত প্ৰকাশ কৰা বাতৰিৰ জৰিয়তে মানুহে বাতৰিৰ ৱেবছাইটোত প্রৱেশ কৰে। যাৰ ফলত ৱেবছাইটটোৰ ট্ৰেফিক বৃদ্ধি পায়। লগতে কৰোনা কালত বিভিন্ন সংবাদ সংস্থাক গুগলে পৃথককৈ অর্থ-সাহায্য আগবঢ়োৱা বুলিও কয়। কিন্তু এই কথা স্বীকাৰ কৰা নাই প্রকাশক সংস্থাবোৰে। তেওঁলোকৰ স্পষ্ট দাবী, ছার্চ ইঞ্জিনত চলা বিজ্ঞাপনবোৰৰ ধনৰ অংশ লাগে৷











